নতুন দিল্লী : দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ ৰে'ল ষ্টেচনত অঘটন । বৰ্তমান সময়লৈকে লাভ কৰা তথ্য মতে, ৰে'ল ষ্টেচনত পদপিষ্ট হৈ ১৮ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ইফালে ১২ গৰাকী আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ যোৱাৰ বাবে ষ্টেচনত প্ৰচণ্ড ভিৰৰ মাজতে এই ঘটনা সংঘটিত হয় । জানিব পৰা মতে ১২, ১৩, ১৪, ১৫ আৰু ১৬ নম্বৰ প্লেটফৰ্মত যাত্ৰীৰ অভাৱনীয় ভিৰ হৈছিল । কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে । দুৰ্ঘটনাটোৰ পিছত লোক নায়ক চিকিৎসালয় প্ৰশাসনে ১৮ গৰাকী লোকৰ মৃত্যু নিশ্চিত কৰিছে ।
ৰে'ল বিভাগৰ বিষয়াসকলৰ মতে, যিহেতু দেওবাৰে বন্ধ, সেয়ে শনিবাৰে প্ৰয়াগৰাজলৈ যোৱাৰ উদ্দেশ্যে বৃহৎ সংখ্যক লোকে ৰে'ল ষ্টেচনত সমবেত হৈছিল । শনিবাৰে বেছি পৰিমাণৰ সাধাৰণ টিকটো জাৰি কৰা হৈছিল ।
ঘটনাটোৰ পিছতে ৰে'লৱে ব'ৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰে পৰিস্থিতিৰ মূল্যাংকন কৰিবলৈ ৰে'ল ষ্টেচন পৰিদৰ্শন কৰে আৰু বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাইও ঘটনাটোত শোক প্ৰকাশ কৰিছে ।
ঘটনাটো ১৪/১৫ নম্বৰৰ প্লেটফৰ্মত নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছিল । যাত্ৰীসকলে প্ৰয়াগৰাজ অভিমুখে যোৱা দুখন ৰে'লৰ বাবে অপেক্ষা কৰি আছিল । কিন্তু এই ৰে'লকেইখন আহি পোৱা নাছিল, যাৰ ফলত প্লেটফৰ্মত যাত্ৰীৰ ভিৰ অধিক হৈছিল ।
বাৰাণসী অভিমুখী শিৱগংগা এক্সপ্ৰেছ প্লেটফৰ্মত আহি ৰোৱাৰ লগে লগে যাত্ৰীসকল প্লেটফৰ্মত উপস্থিত হ'বলৈ আৰম্ভ কৰে । যাৰ ফলত ভিৰ বৃদ্ধি পাইছিল আৰু ভিৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাৰ অভাৱৰ বাবে অৱশেষত পদপিষ্ট হৈ বহুলোক বাগৰি পৰে ।
ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু টুইটত লিখিছে, "নতুন দিল্লী ৰে'ল ষ্টেচনৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে । দিল্লী আৰক্ষী আৰু আৰপিএফ ঘটনাস্থলীত উপস্থিত আছে । আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে । আকস্মিক ভিৰ কমাবলৈ বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে ।"
ৰে'লৱে ব'ৰ্ডৰ বিষয়াসকলেও কৈছে যে হঠাতে হোৱা ভিৰৰ বাবে এই ঘটনা সংঘটিত হৈছে । ৰে'লৱে ব'ৰ্ডৰ তথ্য আৰু প্ৰচাৰৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে কোনো ৰে'ল বাতিল কৰা হোৱা নাই বুলি অৱগত কৰিছে । তেওঁ কয় যে হঠাৎ হোৱা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ তাৎক্ষণিকভাৱে ৪ খন বিশেষ ৰে'ল চলাবলৈ সিদ্ধান্ত লোৱা হৈছিল । এতিয়া ভিৰ যথেষ্ট হ্ৰাস পাইছে বুলি তেওঁ অৱগত কৰে ।
- ৰে'ল ষ্টেচনত পদপিষ্টৰ ঘটনা
- নিহতসকলৰ ভিতৰত ১০ গৰাকী মহিলা আৰু ৩ টা শিশু আছে, বহু আহত চিকিৎসালয়ত ভৰ্তি হৈ আছে
- প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ যোৱাৰ বাবে ১৪ আৰু ১৫ নম্বৰৰ প্লেটফৰ্মত বৃহৎ জনসমাগম হৈছিল
- লোক নায়কত ১৫ গৰাকী আৰু লেডী হাৰ্ডিং মেডিকেল কলেজ হাস্পতালত ৩ জনৰ মৃত্যু
- এম্বুলেন্সৰ অভাৱত বহুতে অটোত আহতসকলক লৈ গৈছিল
- প্ৰয়াগৰাজ অভিমুখে যোৱা শিৱগংগা এক্সপ্ৰেছকে ধৰি ৩ খন ৰে'ল পলম হোৱাৰ বাবে ভিৰ বৃদ্ধি পাইছিল
প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীৰ প্ৰতিক্ৰিয়া
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে X-ৰ এটা পোষ্টত লিখিছে, "প্ৰয়াগৰাজৰ কুম্ভ মেলালৈ যাবলগীয়া তীৰ্থযাত্ৰীসকলৰ সৈতে এনে ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক । কেন্দ্ৰীয় চৰকাৰৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি কোনো চিন্তা নাই, উত্তৰ প্ৰদেশ চৰকাৰৰো নাই । প্ৰয়াগৰাজত কোনো ব্যৱস্থা নাই আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবে কোনো দৃঢ় পৰিবহণৰ ব্যৱস্থা কৰা হোৱা নাই । মই ৰে'ল বিভাগক যিমান সম্ভৱ সোনকালে লোকসকলক সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছো ।"