অসম

assam

ETV Bharat / bharat

ওলোমা দলং মেৰামতিত নিজেই হাতে-কামে লাগি গ'ল আৰক্ষী অধীক্ষক - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

এক দুৰ্গম অঞ্চল পাৰ হ’বলৈ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই মেৰামতি কৰিছে এখন দলং ৷ ভোটগ্ৰহণকাৰী দল আৰু আৰক্ষী কৰ্মীৰ যাতায়তৰ সুবিধাৰ বাবে এখন দলং আৰক্ষী অধীক্ষকে নিজহাতে মেৰামতি কৰাত লাগিল ৷

ARUNACHAL SP VIRAL VIDEO
ওলোমা দলং মেৰামতি আৰক্ষী অধীক্ষকৰ

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 8:26 PM IST

তেজপুৰ, 26 এপ্ৰিল : এজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এখন ওলোমা দলং ৷ এক দুৰ্গম অঞ্চলত পাৰ হ’বলৈ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই মেৰামতি কৰিছে এই দলংখন ৷ বিপদসংকুল অৱস্থাত যাতায়তৰ সুবিধাৰ্থে আৰক্ষী বিষয়াগৰাকীয়ে নিজেই নদীখনৰ বহু উচ্চতাত দুটা পাহাৰ সংযোগ কৰি মেৰামতি কৰিছে ওলোমা দলংখন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাচত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বহু ভিতৰুৱা অঞ্চলৰ এই খবৰে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে ৷

19 এপ্ৰিলত অৰুণাচল প্ৰদেশত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছিল ৷ ইয়াৰে ৰাজ্যখনৰ চাৰিটা বিধানসভা সমষ্টিৰ ৮ টা ভোটগ্ৰহণ কেন্দ্ৰত বিসংগতি আৰু হিংসাত্মক ঘটনাৰ বাবে 24 এপ্ৰিলত পুনৰ নিৰ্বাচন অনুষ্ঠিত হয় ৷ পূব কামেং জিলাৰ ৮ নং বামেং বিধানসভা সমষ্টিৰ চেৰিও ভোটকেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তা বাহিনীৰ দল পাৰ হ’বলৈ এই দলং মেৰামতি কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷ ভোটগ্ৰহণকাৰী দল আৰু আৰক্ষী কৰ্মীৰ যাতায়তৰ সুবিধাৰ বাবে ভেনিয়াৰ এখন দলং পূব কামেং জিলাৰ আৰক্ষী অধীক্ষক কামদাম ছিকময়ে নিজহাতে মেৰামতি কৰা দেখা যায় ৷

অৰুণাচল প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াই এই দৃশ্য সামাজিক মাধ্যম "X" (টুইটাৰ) প্ৰকাশ কৰাৰ পিচত আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে সামাজিক মাধ্যমযোগে আৰক্ষী অধীক্ষকগৰাকীৰ শলাগ লয় ৷ তেওঁ কয়- "এই ব্যৱস্থাৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া এছ পি ইষ্ট কামেং, কামদাম ছিকমক অতিশয় শলাগ লৈছো | ছিকম কেৱল আদৰ্শ নহয়, আমাৰ দেশত গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে চৰকাৰী বিষয়াসকলে কেনেদৰে কঠোৰ পৰিশ্ৰম কৰি আছে সেয়াও প্ৰদৰ্শন কৰে ৷"

উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দুৰ্গম অঞ্চলত সচৰাচৰ বহুতো ওলোমা দলং বা সাঁকো দেখিবলৈ পোৱা যায় ৷ মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত এখন গাঁৱৰ লোকক আন ঠাইৰে সংযোগ কৰিবলৈ এইদৰেই যোগাযোগ ব্যৱস্থা স্থাপন কৰা হয় ৷

লগতে পঢ়ক :১৫,০০০ ফুট উচ্চতাত এটা ভোটকেন্দ্ৰ : কেৱল এটা পৰিয়ালৰ বাবে - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details