নেশ্যনেল ডেস্ক, ১১ মাৰ্চ :মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যোনলৈ আহিল নতুন আলহী । দক্ষিণ আফ্ৰিকাৰ পৰা অনা এটি চিতাই জন্ম দিলে ৫ টাকৈ পোৱালি । যাক লৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । দেওবাৰে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰি কয় যে গামিনী নামৰ চিতাটোৱে ৫ টা পোৱালি জন্ম দিছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ভাৰতত জন্ম পোৱা চিতা পোৱালীৰ সংখ্যা ১৩ টালৈ বৃদ্ধি পাইছে ।
এক্সৰ এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে দক্ষিণ আফ্ৰিকাৰ টছৱালু কালাহাৰী ৰিজাৰ্ভৰ পৰা অনা প্ৰায় ৫ বছৰীয়া মাইকী চিতা গামিনীয়ে ৫ টা পোৱালি জন্ম দিছে । এয়া ভাৰতৰ ভূমিত চতুৰ্থটো চিতাৰ প্ৰসৱ আৱৰ্জনা আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাৰ প্ৰথম প্ৰসৱ । চিতাকেইটাৰ বাবে চাপমুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে মন্ত্ৰীগৰাকীয়ে কুনো ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া আৰু কৰ্মচাৰীসকলক প্ৰশংসা কৰে । লগতে তেওঁ ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া, চিকিৎসক আৰু কৰ্মচাৰীৰ দলক অভিনন্দন জ্ঞাপন কৰে ।