নেশ্যনেল ডেস্ক, ১২ আগষ্ট:বিগত 24 ঘণ্টাত ৰাজস্থানৰ বিভিন্ন প্ৰান্তত বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৃত্ৰিম বান আৰু ভূমিস্খলন সম্পৰ্কীয় কেইবাটাও ঘটনাত ৰাজ্যখনত 23 গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।
ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সহকাৰী আৰক্ষী আয়ুক্ত(এচিপি) মুকেশ চৌধুৰীয়ে কয়, "জয়পুৰৰ কানোটা বান্ধত দেওবাৰে 6 জন যুৱকে গা ধুবলৈ গৈছিল । সেই সময়তে তেওঁলোকৰ 5 জন পানীত ডুব যায় । অৱশ্যে 6 জনৰ ভিতৰত এজনে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত যুৱককেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।"
এছডিআৰএফ আৰু চিভিল ডিফেন্সৰ দলে মৃতদেহবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা মতে মৃত যুৱকসকলৰ ৩ জন শাস্ত্ৰী নগৰৰ বাসিন্দা, আনহাতে এজন দাদী কা ফাটকৰ আৰু এজন নাই কি থাদিৰ ।
একেটা পৰিয়ালৰ ৭ গৰাকীৰ সলিল সমাধি:
দেওবাৰে আন এক দুৰ্ঘটনাত ভৰতপুৰৰ এখন নদীত গা ধুই থকা অৱস্থাতে এটা পৰিয়ালৰ 7 গৰাকী সদস্য সন্ধানহীন হয় । সন্ধানহীন লোকসকলক বিচাৰি উলিওৱাৰ উদ্ধাৰ অভিযান চলি আছে । আৰক্ষীয়ে জনোৱা মতে শ্ৰীনগৰ গাঁৱৰ 8 জন যুৱকে ভৰতপুৰৰ বনগংগা নদীত গা ধুই আছিল । সেই সময়তে ইজনৰ পিচত আন এজন যুৱক পানীত ডুব যায় ।
৭ খন জিলাত বিদ্যালয় বন্ধ:
ৰাজস্থানত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই পৰিস্থিতিৰ বুজ ল'বলৈ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে । বৈঠকত 7 খন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত জিলাৰ সকলো বিদ্যালয় সোমবাৰে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ।
লগতে পঢ়ক:বাঢ়নী পানীয়ে উটুৱাই নিলে বিবাহ যাত্ৰীৰ বাহন, 9 জনৰ মৃত্যু - PUNJAB FLOOD
কৃত্ৰিম বানত প্ৰভাৱিত অঞ্চলবোৰত পানী নিষ্কাশন কৰাৰ লগতে খোৱাপানী, খাদ্য আৰু ঔষধৰ দৰে মৌলিক সুবিধাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । একেদৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পানী আৰু বিদ্যুৎ যোগান অতি শীঘ্ৰে পুনৰুদ্ধাৰ কৰিবলৈও আহ্বান জনায় ।
অন্যান্য কেতবোৰ ঘটনা:
ঝুনঝুনুৰ মেহৰানা গাঁৱৰ এটা পুখুৰীত গা ধোৱাৰ সময়তে 3 জন লোকৰ সলিল সমাধি ঘটে । তেওঁলোক আটাইকেইজন চানলোড গাঁৱৰ বাসিন্দা আছিল । আৰক্ষীয়ে জনোৱা মতে, কাৰাউলীত দেওবাৰে ধাৰাসাৰ বৰষুণৰ ফলত এটা বাসগৃহ খহি পৰে আৰু এই ঘটনাত দুগৰাকী লোকৰ মৃত্যু হয় । আনহাতে দুগৰাকী আহত হয় । আন এক ঘটনাত নাৰ্চিং প্ৰতিষ্ঠানৰ এগৰাকী শিক্ষাৰ্থীৰ বানচৱাৰাৰ কেডিয়া সোঁতত পিছলি পৰি মৃত্যু হয় ।