শিৱপুৰী: মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত বৃহস্পতিবাৰে বিয়লি বায়ুসেনাৰ মিৰাজ ২০০০ প্ৰশিক্ষক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় বুলি প্ৰতিৰক্ষা বিষয়াসকলে জনায় । দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন পথাৰৰ ওপৰত আহি পৰে আৰু সম্পূৰ্ণৰূপে জ্বলি ভষ্মীভূত হয় ৷ এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে দুয়োজন পাইলটৰ ৷ অৱশ্যে তেওঁলোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা হৈছে ৷ ইফালে দুৰ্ঘটনাৰ পাছতেই ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে আদালতে নিৰ্দেশ দিয়ে ।
শিৱপুৰী জিলাৰ নৰৱাৰ তহচিলত অৱস্থিত কৰৈৰাৰ সুনাৰী আউটপোষ্ট এলেকাৰ ডেহৰেটা ছানি গাঁৱত সংঘটিত হয় এই ঘটনা ৷ জানিব পৰা মতে, হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছত দুয়োজন পাইলটে গ্ৰাম্য অঞ্চলত অৱস্থিত ঘৰবোৰ পৰা আঁতৰি খালী ঠাইত হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু পথাৰত হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ সক্ষম হয় ৷
ইফালে দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত কাৰাইৰাৰ প্ৰশাসনিক আৰু আৰক্ষী বিষয়া উপস্থিত হৈ পাইলট দুজনক উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই । বায়ুসেনাৰ এটা দলে দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ বাবে সেই স্থানত উপস্থিত হৈছে । প্ৰাথমিক তথ্য অনুসৰি হেলিকপ্টাৰখনৰ কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় । অৱশ্যে তদন্তৰ অন্ততহে প্ৰকৃত কাৰণ জানিব পৰা যাব ।
স্থানীয় ৰাইজে জনোৱা মতে, হঠাতে এটা প্ৰচণ্ড শব্দ শুনিলে আৰু যেতিয়া তেওঁলোকে ওলাই আহি চালে, তেতিয়া হেলিকপ্টাৰখন মাটিত পৰি থকা প্ৰত্যক্ষ কৰে । সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই ।