নেশ্যনেল ডেস্ক,১১ এপ্ৰিল : পবিত্ৰ ঈদ-উল-ফিটৰক লৈ দেশজুৰি ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । তাৰ মাজতে হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত শোকাৱহ পথ দুৰ্ঘটনা । পুৱাই দুৰ্ঘটনাত পতিত হয় এখন স্কুল বাছ । স্কুল বাছখনৰ দুৰ্ঘটনাটোত ৭ গৰাকী শিক্ষাৰ্থীয়ে মৃত্যুক আঁকোৱালি লয় । আনহাতে এই দুৰ্ঘটনাটোত বহু শিক্ষাৰ্থী আহত হয় । মহেন্দ্ৰগড় জিলাৰ কানিনা মহকুমাৰ উনহানি গাঁৱৰ সমীপত জিএলপিএছ কানিনা স্কুলৰ এই বাছখন দুৰ্ঘটনাত পতিত হয় ।
মহেন্দ্ৰগড় বাছ দুৰ্ঘটনা সন্দৰ্ভত শিক্ষা মন্ত্ৰী সীমা ত্ৰিখাই শোকপ্ৰকাশ কৰে । শিক্ষা মন্ত্ৰীগৰাকীৰ মতে এই দুৰ্ঘটনাৰ দোষীক ৰেহাই দিয়া নহ'ব । ই অতি দুখজনক ঘটনা বুলিও তেওঁ উল্লেখ কৰে য'ত ৭ গৰাকীকৈ নিষ্পাপ শিশুৱে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে । শিক্ষা মন্ত্ৰীগৰাকীৰ মতে তেওঁ ইতিমধ্যে বিষয়াসকলক ঘটনাস্থলীত উপস্থিত হ'বলৈ কৈছে । তেওঁ নিজেও ঘটনাস্থলীত উপস্থিত হৈছে । তেওঁৰ মতে চৰকাৰী বন্ধত বিদ্যালয় খোলাটো আইনৰ উলংঘন । তেওঁ উল্লেখ কৰা মতে বিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব । বাছখনৰো পৰীক্ষা কৰা হ'ব ।
সূত্ৰৰ মতে জিএল পাব্লিক স্কুল নামৰ ব্যক্তিগত বিদ্যালয়খনৰ প্ৰায় ৩৫ ৰ পৰা ৪০ গৰাকী শিক্ষাৰ্থী বাছখনেৰে যাত্ৰা কৰি আছিল । আজি চৰকাৰী বন্ধ স্বত্বেও বিদ্যালয়খন খোলা আছিল । সূত্ৰৰ মতে বাছখনে যাত্ৰা কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মাৰে । ফলত বাছখন বাগৰি পৰে ।