নেশ্যনেল ডেস্ক, 9 জুলাই: জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ দুৰ্গম মাচেদি অঞ্চলত সোমবাৰে ভাৰতীয় সেনাৰ কনভয়ত সন্ত্ৰাসবাদীয়ে এম্বুশ্ব কৰাৰ ফলত 5 জন সেনা জোৱান নিহত হোৱাৰ লগতে 5 জন জোৱান আহত হয় । দেশৰ বাবে প্ৰাণ আহুতি দিয়া 5 জনৰ আটাকেইজনেই উত্তৰাখণ্ডৰ । 5 জন শ্বহীদ জোৱানৰ ভিতৰত 2 জন পৌৰী, ২ জন তেহৰীৰ আৰু এজন ৰুদ্ৰপ্ৰয়াগৰ বুলি জানিব পৰা গৈছে ।
এই খবৰ লাভ কৰাৰ পাচতে শোকত ম্ৰিয়মান হৈ পৰিছে শ্বহীদ সৈনিক জোৱানৰ কেইজনৰ পৰিয়ালৰ লগতে সমগ্ৰ উত্তৰাখণ্ড । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাইজৰ মাজত প্ৰচণ্ড ক্ষোভ জন্মা পৰিলক্ষিত হৈছে ।
শ্বহীদ জোৱানসকলৰ পৰিচয়
জম্মু-কাশ্মীৰৰ কঠুৱাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছে তেহৰী জিলাৰ আদৰ্শ নেগী । কীৰ্তিনগৰৰ থাটি ডাগৰৰ বাসিন্দা আদৰ্শ নেগী ৰাইফলমেন হিচাপে নিযুক্ত আছিল । 26 বছৰীয়া আদৰ্শ তেহৰী জিলাৰ কীৰ্তিনগৰ ব্লকৰ থাটি ডাগৰ গাঁৱৰ বাসিন্দা আছিল । তেওঁৰ পিতৃ দলবীৰ সিং নেগীয়ে কৃষিকৰ্ম কৰে । আদৰ্শে চৰকাৰী আন্তঃমহাবিদ্যালয় পিপলিধৰৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰিছিল । 2019 চনত নেগীয়ে গড়ৱাল ৰাইফলছত যোগদান কৰে ।
জম্মু-কাশ্মীৰৰ কঠুৱাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা আন এগৰাকী হৈছে জোৱান ৰুদ্ৰপ্ৰয়াগ জিলাৰ কণ্ডাখালৰ বাসিন্দা আনন্দ সিং ৰাৱট । আনন্দ সিং ৰাৱটৰ বয়স আছিল 41 বছৰ । তেওঁ সেনাবাহিনীত নাইব চুবেদাৰৰ পদত অধিষ্ঠিত হৈছিল । ৰাৱট শ্বহীদ হোৱাৰ খবৰ পোৱাৰ পিচতে পৰিয়ালটোত শোকাকুল পৰিবেশে বিৰাজ কৰে । শ্বহীদ পৰিয়ালটোৰ ঘৰ ডেৰাডুনত । মাক আৰু ভায়েক গাঁৱতে থাকে ।
কঠুৱা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা তৃতীয়গৰাকী বীৰজোৱান হৈছে পৌৰী জিলাৰ হাবিলদাৰ কমল সিং । হাবিলদাৰ কমল সিং লেন্সডাউন তহচিলৰ পাপৰি গাঁৱৰ বাসিন্দা আছিল । পৌৰী গড়োৱাল জিলাৰ ৰাইফলমেন অনুজ নেগীও কঠুৱা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছে । অনুজ নেগী আছিল ৰিখানিখাল তালুকৰ ডোব্ৰিয়া গাঁৱৰ বাসিন্দা ।
কঠুৱা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছে তেহৰী গড়োৱাল জিলাৰ নাইক বিনোদ সিং । বিনোদ সিং আছিল জাখানিধৰ তালুকৰ চাউণ্ড জছপুৰ গাঁৱৰ বাসিন্দা । শ্বহীদ বিনোদ সিঙৰ পৰিয়াল ডেৰাডুনৰ ভনিয়াৱালাত থাকে ।
কেতিয়া সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ