অসম

assam

ETV Bharat / bharat

পৰীক্ষাত ফেইল : ৭ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা - Students suicide - STUDENTS SUICIDE

Students suicide : তেলেংগানাত পুনৰ ছাত্ৰৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে । পৰীক্ষাৰ ফলাফলৰ পিচত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ৭ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথ বাছি লয় ।

Students suicide
পৰীক্ষাত ফেইল, ৭ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 3:09 PM IST

নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল :তেলেংগানাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । পৰীক্ষাত ফলাফল বেয়া হোৱাৰ বাবে চৰম পন্থা হাতত ল'লে কেইবাগৰাকী শিক্ষাৰ্থীয়ে । বুধবাৰে ৰাজ্যখনৰ বিভিন্ন জিলাত ৭ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ কথা পোহৰলৈ আহিছে । পিতৃ-মাতৃৰ আশা পূৰণ কৰিব নোৱৰাৰ বাবেই আত্মহত্যাৰ দৰে চৰম পন্থা হাতত ল'লে শিক্ষাৰ্থীসকলে ।

জানিব পৰা মতে মানচিৰিয়ালা জিলাৰ নচপুৰ মণ্ডলৰ ১৮ বছৰীয়া এগৰাকী শিক্ষাৰ্থী প্ৰথম বৰ্ষৰ এম পি চিৰ ছাত্ৰী আছিল । কিন্তু দুটা বিষয়ত ফেইল কৰাৰ বাবে তেওঁ হতাশ হয় আৰু আত্মহত্যাৰ পথ বাছি লয় । মানচিৰিয়ালা জিলাৰে তান্দুৰ মণ্ডলৰো এজন ১৬ বছৰীয়া ছাত্ৰই আত্মহত্যা কৰে । ছাত্ৰজনৰ ৪ টা বিষয়ৰ ফলাফল বেয়া আছিল ।

খাম্মাম জিলাৰ মুদিগোণ্ডাৰ এগৰাকী ১৭ বছৰীয়া ছাত্ৰীও আত্মহত্যা কৰে । ঘৰত কোনো নথকাৰ সময়তে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীগৰাকীয়ে চিপ লৈ আত্মহত্যাৰ চেষ্টা কৰে ।

একেদৰে মাহবুবাবাদ মণ্ডলৰ ৰেদিয়াৰ ১৬ বছৰীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ এগৰাকী শিক্ষাৰ্থীয়েও আত্মহত্যা কৰে । অৰ্থনীতি বিষয়ত ফলাফল বেয়া হোৱাৰ বাবেই পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে । মাহবুবাবাদ জিলাৰ ডৰনাকাল মণ্ডলৰ চিলকোডুৰ বি আই পি চিৰ প্ৰথম বৰ্ষৰ এগৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰে । তেওঁ উদ্ভিদ বিজ্ঞানত অনুতীৰ্ণ হৈছিল ।

ৰাঙ্গাৰেড্ডী জিলাৰ হাইদৰগুড়াত এগৰাকী ১৬ বছৰীয়া শিক্ষাৰ্থীও চিপ লৈ আত্মহত্যা কৰে । তেওঁ এম পি চিৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল । একেদৰে চাংগাৰেড্ডী জিলাৰ টেলাপুৰ পৌৰ এলেকাৰ কল্লুৰতো অনুৰূপ ঘটনা সংঘটিত হৈছে । পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ বাবে তেওঁ আত্মহত্যা কৰে ।

লগতে পঢ়ক :দুৰ্ঘটনাত পতিত বৰযাত্ৰীৰ বাহন, ২৪ গৰাকী যাত্ৰী আহত - Lalitpur Bus Accident

ABOUT THE AUTHOR

...view details