অসম

assam

ETV Bharat / bharat

মণিপুৰত নিৰাপত্তা বাহিনীৰ তীব্ৰ অভিযান; জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ - MANIPUR VIOLENCE

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে উগ্ৰপন্থী তথা দুৰ্বৃত্তৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰিছে । কেইবাটাও অভিযানত জব্দ হৈছে বহু বিস্ফোৰক সামগ্ৰী ।

Manipur Violence
মণিপুৰত নিৰাপত্তা বাহিনীৰ তীব্ৰ অভিযান (ANI)

By ANI

Published : Nov 25, 2024, 12:26 PM IST

ইম্ফল(মণিপুৰ) :উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত হিংসা অব্যাহত আছে । হিংসা প্ৰতিহত কৰাৰ বাবে অসম ৰাইফলছকে ধৰি নিৰাপত্তা বাহিনীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ঠায়ে ঠায়ে অভিযানো চলাইছে নিৰাপত্তা বাহিনীয়ে ।

অসম ৰাইফলছৰ এক প্ৰেছ বিবৃতি অনুসৰি এক শৃংখলাবদ্ধ যুটীয়া অভিযানত ভাৰতীয় সেনা, অসম ৰাইফলছ, মণিপুৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কেইবাখনো জিলাৰ পৰা অস্ত্ৰ-শস্ত্ৰ, আইইডি, গোলাবাৰুদ আৰু মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

  • কেইবাখনো জিলাত নিৰাপত্তা বাহিনীৰ অভিযান

বিভিন্ন যুটীয়া অভিযানত মণিপুৰৰ ইম্ফল পশ্চিম, চুৰাচান্দপুৰ, কাংপোকপি, ইম্ফল পূব, জিৰিবাম আৰু টেংনুপাল জিলাৰ পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা সামগ্ৰীখিনি জব্দ কৰে । টেংনুপাল জিলাৰ মোৰেহৰ ওচৰৰ ইণ্ডো-ম্যানমাৰ সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা সন্দৰ্ভত চোৰাংচোৱা তথ্য পোৱাৰ পিছতে অসম ৰাইফলছে ১৭ নৱেম্বৰত এক অভিযান আৰম্ভ কৰে ।

সন্দেহজনক গতিবিধি লক্ষ্য কৰাৰ পিছতে সেনা আৰু অনুপ্ৰৱেশকাৰীৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষত প্ৰায় ৬ৰ পৰা ৭ অনুপ্ৰৱেশকাৰী আহত হোৱাৰ খবৰ পোৱা গৈছে । এগৰাকী সুৰক্ষা কৰ্মীও আঘাতপ্ৰাপ্ত হয় । তেওঁক তাৎক্ষণিকভাৱে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হয় আৰু বৰ্তমান সুৰক্ষা কৰ্মীগৰাকী সুস্থিৰ বুলি জানিব পৰা গৈছে ।

সংঘৰ্ষৰ পিছতে অঞ্চলটোত এক অভিযান চলোৱা হয় । য'ত দলটোৱে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে । জব্দ সামগ্ৰীবোৰৰ ভিতৰত আছে এটা চেল্ফ লোডিং ৰাইফল (এছএলআৰ), এটা এমএ-১ ৰাইফল, ৰাইফল গ্ৰেনেড, মৰ্টাৰ বোমা, গোলাবাৰুদ আদি ।

  • UNLF কেডাৰ গ্ৰেপ্তাৰ

বিবৃতি অনুসৰি চুৰাচান্দপুৰ জিলাত ভাৰতীয় সেনাই চিআৰপিএফৰ সহযোগত ২০ নৱেম্বৰত অভিযান চলাইছিল । জিলাখনৰ এইচ কোটলিয়ান এলেকাত যুটীয়া অভিযানটো চলোৱা হয় । এই অভিযানত এটা ইম্প্ৰুভাইজড মৰ্টাৰসহ বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে ।

ইফালে মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ এক যুটীয়া অভিযানত নিৰাপত্তাৰক্ষীয়ে পোৰোম্পাটত ইউনাইটেড নেশ্যনেল লিবাৰেচন ফ্ৰণ্টৰ (ইউএনএলএফ) দুই কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ২৩ নৱেম্বৰৰ সন্ধিয়া চলোৱা এই অভিযানত এটা ৯ এমএম বেৰেটা পিষ্টল আৰু গোলাবাৰুদো জব্দ কৰা হয় । অস্ত্ৰ-শস্ত্ৰসহ ধৃত কেডাৰকেইটাক পিছত মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰা হয় ।

প্ৰেছ বিবৃতিটোত কোৱা হৈছে, "জিৰিবামত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ পদক্ষেপ হিচাপে চিআৰপিএফ, মণিপুৰ আৰক্ষী আৰু আইআৰবিৰ সৈতে অসম ৰাইফলছৰ যুটীয়া অভিযানৰ অংশ কোম্বিং অপাৰেচন সফলতাৰে পৰিচালনা কৰা হয় । ২৪ নৱেম্বৰৰ পুৱা ৬ বজাত এই অভিযান আৰম্ভ হৈছিল আৰু মংবুং কুকি, মংবুং মেইটেই, জাইৰাৱন, বালিজুৰী আৰু কাশিমপুৰকে ধৰি স্পৰ্শকাতৰ অঞ্চলসমূহ সামৰি লোৱা হৈছিল । বিভিন্ন নিৰাপত্তা বাহিনীৰ ৪০০ সেনাই এই অভিযানত অংশগ্ৰহণ কৰিছিল ।"

বিবৃতি অনুসৰি তিনিটা যুটীয়া দলে একেলগে অভিযান চলাইছিল । দুৰ্বৃত্তৰ চলাচল প্ৰতিহত কৰিবলৈ মুখ্য প্ৰৱেশ পথবোৰ সুৰক্ষিত কৰা হৈছিল । বিস্ফোৰকৰ সন্ধানত ডগ স্কোৱাট, মেটেল ডিটেক্টৰ আৰু ড্ৰোণ ব্যৱহাৰ কৰি সুৰক্ষা বাহিনীয়ে পিএছ জিৰিবাম আৰু জাকুৰাধৰ/বড়োবেক্ৰাৰ প্ৰান্তৰ অঞ্চলসমূহত অভিযান চলাইছিল ।

বিজ্ঞপ্তিত কোৱা হৈছে, "এই অভিযানৰ ফলত এটা ইম্প্ৰুভাইজড ডিভাইচ আৰু এটা ট্ৰিপ ৱায়াৰৰ সৈতে সংলগ্ন গ্ৰেনেড নিষ্ক্ৰিয় কৰা হয় । যিটো দুৰ্বৃত্তই জংঘলত লুকাই ৰাখিছিল । ইফালে ৰবৰ বাগিচাৰ তিনিটা অবৈধ বাংকাৰো ধ্বংস কৰা হয় । সুৰক্ষা বাহিনীয়ে জিৰিবাম জিলালৈ প্ৰৱেশ পথত অধিক সতৰ্কতা অৱলম্বন কৰিছে ।

মণিপুৰ আৰক্ষীৰ সহযোগত অসম ৰাইফলছে ২৪ নৱেম্বৰত কাংপোকপি জিলাৰ লুংখংজাঙৰ লংগাজাং অঞ্চলত এক যুটীয়া তালাচী অভিযান চলাইছিল । য'ত এটা .৩০৩ ৰাইফল, এটা এছবিবিএল বন্দুক, দুটা ৯ এমএম পিষ্টল, এটা মৰ্টাৰ গোলাবাৰুদ আৰু বিভিন্ন মাৰণাস্ত্ৰ উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা সামগ্ৰীখিনি মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰা হয় ।

লগতে পঢ়ক :সম্ভল হিংসা : বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ, ইণ্টাৰনেট-বিদ্যালয় বন্ধ

ABOUT THE AUTHOR

...view details