কলকাতা:কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত প্ৰধান অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰিছে অতিৰিক্ত জিলা ন্যায়াধীশ শিয়ালদহ আদালতে । ২০ জানুৱাৰী সোমবাৰে ঘোষণা কৰা হ’ব সঞ্জয় ৰয়ৰ শাস্তি । অভিযুক্ত সঞ্জয়ে ন্যায়াধীশক কয়, "মোক এটা ভুৱা গোচৰত জড়িত কৰা হৈছে । মই এই কাম কৰা নাই । যিসকলে এই কাম কৰিছে তেওঁলোকক এৰি দিয়া হৈছে । ইয়াৰ সৈতে এজন আই পি এছ বিষয়া জড়িত ।"
মৃত্যুদণ্ডৰ দাবী: ৰায়দানৰ পূৰ্বে শনিবাৰে তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষে দোষীক মৃত্যুদণ্ডৰ দাবী জনাইছিল । সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত ঘোষে এই গোচৰত আৰক্ষীৰ তৎকালীন ব্যৱস্থা গ্ৰহণ আৰু কেন্দ্ৰীয় তদন্তকাৰী সন্থা (চিবিআই)ৰ দ্বাৰা অভিযুক্তৰ দোষ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এই গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনক দোষী সাব্যস্ত কৰি আদালতে মৃত্যুদণ্ড প্ৰদান কৰিব বুলি আমি আশাবাদী বুলিও তেওঁ কয় ।
মৃতকৰ পিতৃৰ নিৰপেক্ষ ৰায়ৰ আশা: ৰায় অহাৰ পূৰ্বে মৃত প্ৰশিক্ষাৰ্থী চিকিৎসকৰ পিতৃয়ে নিৰপেক্ষ ৰায়ৰ আশা প্ৰকাশ কৰিছিল । তেওঁ কৈছিল যে আদালতে বিষয়টো চোৱাচিতা কৰি বিবেচনা কৰাৰ পিছত আমি ন্যায় পাম । লগতে তেওঁ কয় যে ডি এন এ ৰিপৰ্টত আন ব্যক্তিৰ উপস্থিতিও প্ৰতিষ্ঠা কৰা হৈছে । আমি আদালতলৈ গৈ আছো । এটা গোচৰ উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আৰু আনটো উচ্চতম ন্যায়ালয়ত তালিকাভুক্ত কৰা হৈছে । আমি আমাৰ ছোৱালীজনীৰ বাবে ন্যায় বিচাৰো ।