নিউজ ডেস্ক, ১৪ জুন :উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ (National Testing Agency, NTA) পৰা NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য অনিয়মৰ অভিযোগ সন্দৰ্ভত চিবিআই তদন্তৰ আবেদনৰ ওপৰত উত্তৰ বিচাৰে ।
ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাক লৈ গঠিত এখন বিচাৰপীঠে কয় যে এই পি আই এলখন গ্ৰীষ্মকালীন বন্ধৰ পিচত শীৰ্ষ ন্যায়ালয় পুনৰ খোলাৰ সময়ত ৮ জুলাইত অন্যান্য অমীমাংসিত আবেদনৰ সৈতে গ্ৰহণ কৰা হ'ব । বিচাৰপীঠখনে হিতেন সিং কাশ্যপ আৰু অন্যান্যসকলে প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য অনিয়মৰ অভিযোগৰ ক্ষেত্ৰত চি বি আইৰ তদন্ত বিচাৰি দাখিল কৰা এখন পি আই এলৰ শুনানি গ্ৰহণ কৰে ।
আনহাতে, বিচাৰপীঠে এই ক্ষেত্ৰত দুসপ্তাহৰ ভিতৰত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' (চি বি আই) আৰু বিহাৰ চৰকাৰৰ পৰাও উত্তৰ বিচাৰে । লগতে বিচাৰপীঠে NTA ক দুসপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ কয় আৰু কেন্দ্ৰীয় চৰকাৰক পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে সময় প্ৰদান কৰে ।
ইফালে শুনানিৰ সময়ত আবেদনকাৰীক প্ৰতিনিধিত্ব কৰি এগৰাকী অধিবক্তাই কোটাত শিক্ষাৰ্থীসকলে আত্মহত্যা কৰাৰ বিষয়টো সন্দৰ্ভত বিচাৰপীঠে কোনো গুৰুত্ব প্ৰদান নকৰে । লগতে বিচাৰপীঠে অধিবক্তাগৰাকীক আদালতত আৱেগিক যুক্তি দিয়াৰ পৰা বিৰত থাকিবলৈও কয় । তাৰ পিচত অধিবক্তাগৰাকীয়ে প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ চি বি আই তদন্তৰ বাবে হেঁচা প্ৰয়োগ কৰে ।
আনহাতে, অধিবক্তাই যুক্তি দিয়ে যে জুলাইত কাউন্সেলিং আৰম্ভ হোৱাৰ পূৰ্বে NTA-এ প্ৰতিগৰাকী প্ৰাৰ্থী সন্দৰ্ভত সমগ্ৰ পৰীক্ষাৰ বিৱৰণ দাখিল কৰিব লাগে । লগতে এই কথাত জোৰ দিয়ে যে বিষয়টো কেইবা লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ লগত সম্পৰ্কিত । বিচাৰপীঠে ইয়াৰ উত্তৰত কয় যে এই বিষয়টো সন্দৰ্ভত ন্যায়ালয় সচেতন আৰু সকলো যুক্তি ৮ জুলাইত উত্থাপন কৰা হ'ব । আন এগৰাকী অধিবক্তাই যুক্তি দিয়ে যে NTA-এ তথ্য লুকুৱাই আদালতৰ পৰা আদেশ লাভ কৰিছিল । এই ক্ষেত্ৰত বিচাৰপীঠে পুনৰ কয় যে ন্যায়ালয়ে কাউন্সেলিং স্থগিত নকৰে আৰু অধিবক্তাগৰাকীক আদালতত তেওঁৰ আপত্তি দাখিল কৰিবলৈ কয় ।
উল্লেখ্য যে বিহাৰৰ দৰে কেইখনমান ৰাজ্যত এই সন্মানীয় পৰীক্ষাটোৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাত অন্যান্য অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগৰ ফলত কেইবাখনো চহৰত প্ৰতিবাদ হৈছে আৰু সাতখন উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে ।
লগতে পঢ়ক :গ্ৰেছ মাৰ্ক পোৱা NEET UG প্ৰাৰ্থীৰ ফলাফল বাতিল; ২৩ জুনত হ'ব পৰীক্ষা - NEET UG 2024