নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ:ৰেলৱে নিযুক্তি ব’ৰ্ডে (RRB) নন টেকনিকেল পপুলাৰ কেটেগৰী (RRB NTPC) ৰ বিভিন্ন পদৰ বাবে আবেদনৰ আমন্ত্ৰণ জনাইছে । ৰেলৱে নিযুক্তি ব’ৰ্ডে আৰ আৰ বি এন টি পি চি 2024 ৰ অধীনত প্ৰাক-স্নাতক আৰু স্নাতক পৰ্যায়ৰ পদত নিযুক্তিৰ বাবে আবেদন আমন্ত্ৰণ জনাইছে । এই নিযুক্তিৰ অধীনত ৰে’লৱেত মুঠ 11 হাজাৰৰো অধিক খালী পদ পূৰণ কৰা হ’ব।
কেতিয়াৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া ?
আৰ আৰ বি নিযুক্তি 2024 ৰ বাবে আবেদন প্ৰক্ৰিয়া চলিত সপ্তাহৰ শনিবাৰে আৰম্ভ হ'ব । স্নাতক পৰ্যায়ৰ বাবে আবেদন প্ৰক্ৰিয়া 14 ছেপ্টেম্বৰত আৰম্ভ হ'ব আৰু 13 অক্টোবৰৰ ৰাতি 23.59 বজাত বন্ধ হ'ব, আনহাতে প্ৰাক- স্নাতক পৰ্যায়ৰ আবেদনকাৰীসকলৰ বাবে আবেদন প্ৰক্ৰিয়া 21 ছেপ্টেম্বৰত আৰম্ভ হ'ব আৰু 20 অক্টোবৰৰ ৰাতি 23.59 বজাত সমাপ্ত হ'ব ।
লগতে পঢ়ক:উপলব্ধ হৈছে অসম ADRE 2024 এডমিট কাৰ্ড : ইয়াত পাব পোনপটীয়া লিংক - Assam Direct Recruitment Exam 2024
কিমানটা পদৰ বাবে হ’ব নিযুক্তি?
এই নিযুক্তিৰ অধীনত ৰে’ল বিভাগত মুঠ 11558 টা খালী পদ পূৰণ কৰা হ’ব ।
আৰ আৰ বিৰ বিজ্ঞাপন নম্বৰ চি.ই.এন. 05/2024-ৰ অধীনত স্নাতক পৰ্যায়ৰ মুঠ 8,113 টা পদ আৰু আৰ আৰ বিৰ বিজ্ঞাপন নম্বৰ চি.ই.এন. 06/2024-ৰ অধীনত প্ৰাক-স্নাতক পৰ্যায়ৰ মুঠ 3,445 টা পদ পূৰণ কৰা হ'ব।
খালী পদৰ সবিশেষ
স্নাতক পৰ্যায়ৰ পদ: 8113 টা
- মুখ্য বাণিজ্যিক তথা টিকট তত্বাৱধায়ক (Chief Commercial cum Ticket Supervisor : 1736 টা
- ষ্টেচন মাষ্টৰ (Station Master): 994 টা
- মাল গাড়ী প্ৰৱন্ধক (Goods Train Manager): 3144 টা
- জুনিয়ৰ একাউণ্ট সহায়ক তথা টাইপিষ্ট (Junior Account Assistant cum Typist): 1507 টা
- জ্যেষ্ঠ কেৰাণী তথা টাইপিষ্ট (Senior Clerk cum Typist) : 732 টা
ৰে’ল বিভাগত ১১ হাজাৰৰো অধিক পদৰ বাবে নিযুক্তি (ETV Bharat Assam)
লগতে পঢ়ক:35 হাজাৰ শিক্ষকৰ নিযুক্তিত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ, চাৰি সপ্তাহৰ পিছত পুনৰ শুনানি - RECRUITMENT IN EDUCATION DEPARTMENT
প্ৰাক-স্নাতক পৰ্যায়ৰ পদ: 3445 টা পদ
- বাণিজ্যিক তথা টিকট কেৰাণী (Commercial cum Ticket Clerk): 2022 টা
- একাউণ্টছ ক্লাৰ্ক তথা টাইপিষ্ট (Accounts Clerk cum Typist): 361 টা
- জুনিয়ৰ ক্লাৰ্ক তথা টাইপিষ্ট (Junior Clerk cum Typist) : 990 টা
- ৰে’ল কেৰাণী (Trains Clerk): 72 টা
ৰে’ল বিভাগত ১১ হাজাৰৰো অধিক পদৰ বাবে নিযুক্তি (ETV Bharat Assam)
আবেদন মাচুল
আৰ আৰ বি নিযুক্তি ২০২৪ ৰ বাবে আবেদন মাচুল সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫০০ টকা । আনহাতে, অনুসূচীত জাতি, অনুসূচীত জনজাতি, প্ৰাক্তন সেৱাকৰ্মী, মহিলা, দিব্যাংগ, তৃতীয় লিংগ, সংখ্যালঘু আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীসকলে ২৫০ টকা পৰিশোধ কৰিব লাগিব । আবেদন মাচুল অনলাইন ব্যৱস্থাৰে পৰিশোধ কৰিব লাগিব । কম্পিউটাৰ আধাৰিত পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলক আবেদন মাচুলৰ এটা অংশ ঘূৰাই দিয়া হ'ব।
লগতে পঢ়ক:মণিপুৰৰ জনসংযোগ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ : উচ্চ ন্যায়ালয়ত আবেদন দাখিল - DIPR Manipur
ক’ত কৰিব আবেদন ?
প্ৰাৰ্থীসকলে CEN 05/2024 আৰু CEN 06/2024 ৰ বিশদ অধিসূচনা RRB ৱেবছাইট আৰু ৰেলৱে নিযুক্তি নিয়ন্ত্ৰণ বৰ্ড (RRCB) https://rrcb.gov.in চাব পাৰিব। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে RRB NTPC 2024 নিযুক্তিৰ বাবে অফিচিয়েল ৱেবছাইট https://www.rrbapply.gov.in ত গৈ আবেদন কৰিব লাগিব।
কেনেদৰে কৰিব আবেদন ?
প্ৰাৰ্থীসকলে তলত দিয়া পদক্ষেপ অনুসৰি অনলাইনত আৰ আৰ বি ৱেবছাইটত আবেদন কৰিব পাৰে:
- পদক্ষেপ 1: ৰেল নিযুক্তি বোৰ্ডৰ ৱেবছাইট https://rrbapply.gov.in লৈ যাওক
- পদক্ষেপ 2: এতিয়া, 'এপ্লাই' ত ক্লিক কৰি আপোনাৰ একাউণ্ট সৃষ্টি কৰক (create account)
- পদক্ষেপ 3: একাউণ্টটো বনোৱাৰ পিছত, 'ইতিমধ্যে একাউণ্ট আছে (Already have an Account)' ত ক্লিক কৰি আপোনাৰ ম'বাইল নম্বৰ/ইমেইল আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ছাইন ইন কৰক।
- পদক্ষেপ 4: আৱেদন প্ৰ-পত্ৰখন পূৰণ কৰক।
- পদক্ষেপ 5: সকলো নথিপত্ৰ আপলোড কৰক
লগতে পঢ়ক:বিশ্বনাথ চিকিৎসা মহাবিদ্য়ালয়ত কেতিয়াৰ পৰা চিকিৎসা সেৱা আৰম্ভ হ’ব ! জনালে মুখ্যমন্ত্ৰীয়ে - CM Himanta Biswa Sarma