অসম

assam

ETV Bharat / bharat

আৰ পি এফৰ প্ৰতিষ্ঠা দিৱস; ৰাজহুৱা কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এটা বাহিনীৰ নামত উৎসৰ্গিত এটা দিন - RPF Raising Day

RPF Raising Day 2024 : ৰে'ল সুৰক্ষা বাহিনীয়ে প্ৰতিবছৰে ২০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । ৰে'লযাত্ৰীসকলৰ নিৰাপত্তাৰ বাবে দায়বদ্ধ হৈছে আৰ পি এফ ।

RPF Raising Day 2024
আৰ পি এফৰ প্ৰতিষ্ঠা দিৱস (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 5:26 AM IST

বিশেষ প্ৰতিবেদন, ২০ ছেপ্টেম্বৰ :প্ৰতিবছৰে ২০ ছেপ্টেম্বৰত ৰে'ল সুৰক্ষা বাহিনীয়ে ইয়াৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । বাহিনীটোৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালে এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উদযাপন কৰে । এই দিৱসটো হৈছে বাহিনীটোৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি । কিয়নো এই দিনটোত তেওঁলোকে নিজৰ সুখবোৰ ভগাই লয় আৰু সামগ্ৰিক ৰাজহুৱা হিতৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে ।

ৰে'লৱে সম্পত্তিক সুৰক্ষা প্ৰদান কৰিবলৈ ১৯৫৭ চনত সংসদৰ এক আইনৰ দ্বাৰা ৰে'ল সুৰক্ষা বাহিনী গঠন কৰা হৈছিল । পৰৱৰ্তী সময়ত 1966 চনত বাহিনীটোক ৰে'লৱে সম্পত্তি বেআইনীভাৱে দখল কৰা অপৰাধীসকলৰ অনুসন্ধান, গ্ৰেপ্তাৰ আৰু গোচৰ চলাবলৈও ক্ষমতা প্ৰদান কৰা হৈছিল ।

পৰৱৰ্তী বছৰবোৰত এইটো অনুভৱ কৰা হৈছিল যে বাহিনীটোক 'দেশৰ এক সশস্ত্ৰ বাহিনী'ৰ মৰ্যাদা দিয়াৰ প্ৰয়োজন আছে । সেয়ে অৱশেষত সংসদৰ দ্বাৰা আৰ পি এফ আইন সংশোধন কৰি 1985 চনৰ 20 ছেপ্টেম্বৰত বাহিনীটোক এই মৰ্যাদা প্ৰদান কৰা হৈছিল । সেয়েহে প্ৰতিবছৰে ২০ ছেপ্টেম্বৰৰ দিনটো ৰে'ল সুৰক্ষা বাহিনীৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালে আৰ পি এফৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰে । ৰে'ল মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ ।

2003 চনত চৰকাৰে আৰ পি এফ আইন আৰু ৰে'ল আইন সংশোধন কৰে আৰু ৰে'ল আইনৰ অধীনত অনুসন্ধান আৰু গোচৰ চলাবলৈ ক্ষমতাৰ লগতে যাত্ৰী আৰু যাত্ৰী এলেকাৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰে । এই নতুন আইনসমূহৰ পিচত আৰ পি এফে আংশিকভাৱে যাত্ৰীবাহী ৰে'লৰ সুৰক্ষা আৰু ৰে'ল ষ্টেচনত প্ৰৱেশ নিয়ন্ত্ৰণৰ দায়িত্ব গ্ৰহণ কৰে ।

এই সংশোধনীবোৰে আৰ পি এফৰ দ্বাৰা সম্পাদন কৰা কৰ্তব্যৰ চৰিত্ৰত এক আমূল পৰিৱৰ্তন আনিছে । বিগত বছৰবোৰত যদিও আৰ পি এফৰ ভূমিকা বৈচিত্ৰ্যময় হৈ আহিছে, কিন্তু আইন-শৃংখলা বজাই ৰখাৰ প্ৰাথমিক ভূমিকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতা হৈ আছে । সেয়েহে এই ব্যৱস্থাটো গঢ় লৈ উঠাৰ লগে লগে ৰাজ্যিক আৰক্ষী আৰু আৰ পি এফৰ মাজত দায়িত্বৰ বিভাজন ঘটে । আৰ পি এফৰ ৱেবছাইটত এই বিষয়ে উল্লেখ কৰা হৈছে ।

ৰে'ল সম্পত্তি, যাত্ৰীৰ অৱস্থান ক্ষেত্ৰ আৰু যাত্ৰীসকলৰ কল্যাণৰ সুৰক্ষাৰ প্ৰতি আৰ পি এফ প্ৰতিশ্ৰুতিবদ্ধ । ৰে'ল মন্ত্ৰণালয়ে ইয়াৰ পূৰ্বে উল্লেখ কৰিছে যে যাত্ৰীসকলৰ লগতে ৰে'লৱেৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰ পি এফৰ দ্বাৰা কেইবাটাও অভিযান চলোৱা হৈছে । এই অভিযানবোৰ হৈছে :

অপাৰেচন 'ননহে ফৰিস্তে'- হেৰোৱা শিশু উদ্ধাৰ :'ননহে ফৰিস্তে' অভিযানৰ অধীনত আৰ পি এফে পৰিয়ালৰ সৈতে যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশুসকলক পুনৰ মিলিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, যিসকল শিশুক বিভিন্ন কাৰণত তেওঁলোকৰ পৰিয়ালৰ পৰা পৃথক কৰা হৈছিল ।

অপাৰেচন 'জীৱন ৰক্ষা' :আৰ পি এফৰ সতৰ্ক আৰু দ্ৰুত পদক্ষেপৰ ফলত বহু যাত্ৰীৰ জীৱন ৰক্ষা পৰিছে । অপাৰেচন 'জীৱন ৰক্ষা'ৰ অধীনত প্লেটফৰ্ম আৰু ৰে'লপথত চকাৰ তলত পৰাৰ পৰা আৰম্ভ কৰি কৰি চলন্ত ৰে'লত উঠি থাকোঁতে দুৰ্ঘটনাক্ৰমে পৰি যোৱা আদি ঘটনাবোৰত উদ্ধাৰ কাৰ্য চলোৱা আৰু এই ঘটনাবোৰ পৰিহাৰ কৰাৰ বাবে কাম কৰা হয় ।

মহিলা যাত্ৰীসকলক সবলীকৰণৰ বাবে 'মেৰী চেহেলি' কাৰ্যসূচী : বাহিনীটোৱে মহিলা যাত্ৰীসকলৰ নিৰাপত্তাক গুৰুত্বসহকাৰে লয় আৰু তাৰ বাবে 'মেৰী চেহেলি' প্ৰচেষ্টা আৰম্ভ কৰে ।

দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হিচাপে অপাৰেচন 'উপলব্ধ' :দালালৰ বিৰুদ্ধে যুঁজত আৰ পি এফ জোৱানসকলে তেনে মনোবৃত্তিৰ লোকক গ্ৰেপ্তাৰ কৰে আৰু আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয় ।

অপাৰেচন 'নাৰ্কোচ' - ড্ৰাগছ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া : আৰ পি এফ কৰ্মীয়ে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ লগত জড়িত অপৰাধীসকলক গ্ৰেপ্তাৰ কৰে আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰে ।

যাত্ৰীসকলৰ উদ্বেগৰ প্ৰতি দ্ৰুত সঁহাৰি : আৰ পি এফ জোৱানসকলে 'ৰে'ল মদদ প'ৰ্টেল' আৰু হেল্পলাইনৰ জৰিয়তে নিৰাপত্তা সম্পৰ্কীয় যাত্ৰীৰ অভিযোগসমূহ তৎক্ষণাৎ সমাধান কৰে (জৰুৰীকালীন সঁহাৰি সমৰ্থন ব্যৱস্থা নং 112-ৰ সৈতে একত্ৰিত নম্বৰ 139)।

অভিযান 'যাত্ৰী সুৰক্ষা' - যাত্ৰীসকলক সুৰক্ষা প্ৰদান কৰা : আৰ পি এফে ৰে'ল যাত্ৰীৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধ আৰু চিনাক্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে কাম কৰে ।

'অপাৰেচন সংৰক্ষণ'ৰ জৰিয়তে সুৰক্ষা নিশ্চিত কৰা :যাত্ৰীৰ সুৰক্ষা বজাই ৰখা আৰু ৰে'ল সেৱা সুৰক্ষিত কৰাৰ এক দৃঢ় প্ৰচেষ্টাত আৰ পি এফ কৰ্মীসকলে চলন্ত ৰে'লত শিল নিক্ষেপৰ দৰে বিপজ্জনক কাৰ্য প্ৰতিহত কৰে ।

প্ৰয়োজনীয় লোকসকলক সহায়ৰ বাবে 'অপাৰেচন সেৱা' : মানৱীয় দৃষ্টিভংগীত আৰ পি এফ কৰ্মচাৰীসকলে বৃদ্ধ, ৰুগীয়া বা আঘাতপ্ৰাপ্ত যাত্ৰীসকলক তেওঁলোকৰ ৰে'ল ভ্ৰমণৰ সময়ত সহায় আগবঢ়ায় ।

লগতে পঢ়ক :বিশ্ব জল নিৰীক্ষণ দিৱস; শান্তিৰ বাবে পানী - World Water Monitoring Day
লগতে পঢ়ক :বিশ্ব বাঁহ দিৱস আৰু বিশ্বজুৰি বাঁহৰ গুৰুত্বৰ বিষয়ে সজাগতা - Importance Of Bamboo

ABOUT THE AUTHOR

...view details