নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী:কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লোকসভা সমষ্টি ৱায়ানাদৰ পৰাচিপিআইয়ে সোমবাৰে প্ৰক্ষেপ কৰিছে দলটোৰ সাধাৰণ সম্পাদকডি ৰাজাৰ পত্নী এনি ৰাজাক৷তেলেংগানাৰ খাম্মাম বা ভুৱনাগিৰিৰ পৰা লোকসভা নিৰ্বাচনৰ খেলপথাৰত প্ৰৱেশ কৰিব প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে । সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছৰ শীর্ষ নেতৃত্বই ৰাহুলৰ বাবে তেলেংগানা ৰাজ্য নিৰ্বাচন কৰিছে ৷
ইটিভি ভাৰতে কংগ্ৰেছৰ শীৰ্ষ সূত্ৰৰ পৰা জানিব পাৰিছে যে দক্ষিণৰ ৰাজ্যৰ পৰা সৰ্বাধিক সংখ্যক আসন লাভ কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে । কংগ্ৰেছ নেতৃত্বই বিশ্বাস কৰে যে 2019 চনত ৰাহুলৰ প্ৰাৰ্থীত্বই ৰাজ্যখনত দলটোৰ উত্থান ঘটাব ।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী তথা দলৰ ৰাজ্যিক গোটৰ মুৰব্বী ৰেৱন্ত ৰেড্ডী, উপ-মুখ্যমন্ত্ৰী ভট্টী বিক্ৰমমাৰ্কা আৰু ৰাজহ মন্ত্ৰী পংগুলেটি শ্ৰীনিবাস ৰেড্ডীয়ে তেলেংগানাৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ ছোনিয়া গান্ধীক কৰা আবেদনৰ প্ৰতি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কোনো গুৰুত্ব আৰোপ কৰা নাছিল ৷ দলীয় সূত্ৰই জনোৱা মতে, এই সিদ্ধান্ত স্বাস্থ্যজনিত সমস্যাৰ সৈতে জড়িত ৷ তদুপৰি গান্ধীয়ে বিশ্বাস কৰে যে যদিহে তেওঁক পোনপটীয়াকৈ ৰাইজে নিৰ্বাচিত কৰিব নোৱাৰে তেন্তে তেওঁ সমষ্টিটোৰ প্ৰকৃত ন্যায় কৰিব নোৱাৰিব ।
কংগ্ৰেছ নেত্ৰী ছোনিয়াৰ এই সিদ্ধান্তৰ পিচত সমগ্ৰ কংগ্ৰেছ নেতৃত্বই ৰাহুল গান্ধীক নিজৰ ৰাজ্য বাছি ল’বলৈ আহ্বান জনাইছিল । জানিব পৰা মতে মুখ্যমন্ত্ৰী ৰেৱন্তই এই সিদ্ধান্ত দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু অন্যান্য জ্যেষ্ঠসকলৰ সৈতে যুটীয়াভাবে গ্ৰহণ কৰিছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ৰেৱন্তৰ যুক্তি হ’ল ৰাহুলে প্ৰচাৰ নচলোৱাকৈয়ে সমষ্টিটোত সহজ জয় হ’ব ৷ যাৰ ফলত আন সমষ্টিত প্ৰচাৰৰ বাবে নিজৰ শক্তি কেন্দ্ৰীভূত কৰিব পাৰিব ।