নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী:ঝাৰখণ্ডত অব্যাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷দেওবাৰে পুৱা 8.00 বজাৰ পৰা কয়ালাঞ্চলত আৰম্ভ হয় ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা । গান্ধীয়ে গোবিন্দপুৰ লালবজাৰ চ’কৰ মাজেৰে পাৰ হোৱাৰ সময়তে ৰাহুল গান্ধীক আদৰণি জনায় । ইয়াৰ উপৰিও গান্ধীৰ এই যাত্ৰাৰ সময়ত বিভিন্ন স্থানত কংগ্ৰেছ নেতাজনক আদৰণি জনোৱা হয় ।
গোবিন্দপুৰ লাল বজাৰ চ’কৰ পাচত ভাৰত জোড়ো ন্যায় যাত্ৰা চৰাইদেলা ৰঘুকুলৰ মাজেৰে পাৰ হ’ব ৷ য’ত ৰাহুল গান্ধীক আদৰণি জনোৱা হ’ব । ইয়াত ঝৰীয়াৰ বিধায়ক পূৰ্ণিমা নীৰজ সিঙৰ বাসগৃহ । চৰাইধেলাৰ পৰা ষ্টীল গেটেৰে আৰু আৰক্ষী লাইনৰ মাজেৰে আগবাঢ়ি যাব ন্যায় যাত্ৰা ।
ইয়াৰ পাছতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ডি আৰ এম চ’কত আম্বেদকাৰ চ’কত উপস্থিত হ’ব । ইয়াত কংগ্ৰেছ নেতা ৰাহুলে ভীমৰাও আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব । ইয়াৰ পিছত তেওঁ পূজা টকীজলৈ ৰাওনা হ’ব, য’ত ৰাহুল গান্ধীক সুভাষ চ’কৰ মুস্কান কমপ্লেক্সৰ সন্মুখত আদৰণি জনোৱা হ’ব । ইয়াৰ পিছত বেংক মড জে ডি কুমাৰৰ সন্মুখতো এখন বৈঠকৰ আয়োজন কৰা হৈছে । য'ত ৰাহুল গান্ধীয়ে ৰাইজক সম্বোধন কৰিব আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰিব ।
ইয়াৰ পূৰ্বে শনিবাৰে সন্ধিয়া প্ৰায় 6.15 বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা জামতাৰাৰ পৰা ধানবাদ সীমান্তত প্ৰৱেশ কৰে । দুয়োখন জিলাৰ সীমান্তৱৰ্তী কৰমদহা দলঙত ৰাহুল গান্ধীক উষ্ম আদৰণি জনোৱা হয় । ৰাহুল গান্ধীয়ে কৰমদাহাৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত অৱস্থিত পূব টুণ্ডীৰ হালকাটাত ৰাতিটো কটায় ।