অসম

assam

আজি বিহাৰৰ পৰা পশ্চিমবংগত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 9:34 AM IST

Bharat Jodo Nyay Yatra: আজি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ তৃতীয়টো দিন । বুধবাৰে গান্ধীয়ে কাটিহাৰৰ মিৰচাইবাৰীৰ পৰা পদযাত্ৰা কৰি পুনৰ পশ্চিমবংগৰ মালদাত প্ৰৱেশ কৰিব ।

Bharat Jodo Nyay Yatra
পুনৰ বিহাৰৰ পৰা পশ্চিমবংগত প্ৰৱেশ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

নেশ্যনেল ডেস্ক, 31 জানুৱাৰী :দেশজুৰি অব্যাহত আছেকংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা' ৷ বিহাৰত ভাৰত জো়ড়ো ন্যায় যাত্ৰাৰ তৃতীয়টো দিনত ৰাহুল গান্ধীয়ে পুনৰ বিহাৰৰ পৰা পশ্চিম বংগত প্ৰৱেশ কৰিব ৷ গান্ধীয়ে আজি কাটিহাৰ চহৰৰ মিৰচাইবাৰীৰ পৰা পদযাত্ৰা কৰাৰ পিচত, শ্বহীদ চক, ডিএছ মহাবিদ্যালয় আৰু প্ৰাণপুৰৰ মাজেৰে পাৰ হৈ বিহাৰ-বংগ সীমান্তৰ মালদা জিলাত প্ৰৱেশ কৰিব । এই যাত্ৰাক লৈ কংগ্ৰেছ সমৰ্থকসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত কৰা হৈছে ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী ড৹ শ্ৰীকৃষ্ণৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । গান্ধীয়ে কয়, "বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী 'বিহাৰ কেশৰী'ৰ মৃত্যু বাৰ্ষিকীত ড৹ শ্ৰীকৃষ্ণ সিংজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । ৰাজ্যখনৰ উন্নয়নত তেওঁৰ অতুলনীয় অৱদানৰ বাবে শ্ৰীবাবুজীক আধুনিক বিহাৰৰ পিতা হিচাপে সদায় স্মৰণ কৰা হ'ব।"

মঙলবাৰে পূৰ্ণিয়াৰ ৰংভূমি ময়দানত এক জনসভা সম্বোধন কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ওপৰত আক্ৰমণাত্মক মন্তব্য প্ৰকাশ কৰে ৷ নীতিশ কুমাৰক লক্ষ্য কৰি গান্ধীয়ে কয়, "অলপ চাপ দিয়াৰ পিচতে নীতিশজীয়ে ইউ-টাৰ্ণ ল’লে ।"

পূৰ্ণিয়াৰ ৰাজহুৱা সভাত, বহুতো জ্যেষ্ঠ নেতাই ৰাহুল গান্ধীৰ সৈতে মঞ্চৰ ভাগ বতৰা কৰে । চিপিআই(এমএল)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্যক ৰাহুল গান্ধীৰ সৈতে উপস্থিত আছিল । তাৰ পিচতে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, প্ৰাক্তন মন্ত্ৰী চাকিল আহমেদ, তাৰিক আনোৱাৰ আৰু অন্যান্য নেতাসকলো এই ন্যায় জোড়ো যাত্ৰাত উপস্থিত আছিল ।

তেওঁৰ ভ্ৰমণকালত ৰাহুল গান্ধীৰ এটা ভিডিঅ'ও পোহৰলৈ আহিছে, য'ত তেওঁ স্থানীয় খেলুৱৈসকলৰ সৈতে ফুটবল খেলি থকা দেখা গৈছিল । প্ৰকৃততে, কিছু যুৱকে কোধাৰ চেথাৰিয়াপিৰৰ ওচৰত ফুটবল খেলি আছিল ৷ যেতিয়া ৰাহুলে সেই পথেৰে পাৰ হৈ যাওঁতে তেওঁলোকক খেলি থকা দেখি তেওঁলোকৰ সৈতে ফুটবল খেলিছিল।

লগতে পঢ়ক:8 ঘণ্টাৰ জেৰাৰ অন্তত ইডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহিল তেজস্বী যাদৱ

ABOUT THE AUTHOR

...view details