নিউজ ডেস্ক, 2 জুলাই: প্ৰতিবছৰেই আহাৰ মাহত অনুষ্ঠিত হয় ওড়িশাৰ পুৰীৰ ৰথযাত্ৰা ৷ ভগৱান শ্ৰীকৃষ্ণ, বলোৰাম আৰু সুভদ্ৰাৰ প্ৰতিমূৰ্তি তিনিখন বিশাল ৰথত বহুৱাই জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ নিয়া হয় ৷ গুণ্ডিচা মন্দিৰক ভগৱান শ্ৰীকৃষ্ণৰ মাহীয়েকৰ ঘৰ বুলি বিশ্বাস কৰা হয় ৷ গুণ্ডিচা মন্দিৰত বিশ্ৰাম লৈ ভাতৃ-ভগ্নী সহিতে শ্ৰীকৃষ্ণ পুনৰ উভতি আহে জগন্নাথ মন্দিৰলৈ ৷ এইবছৰ অহা 7 জুলাইৰ পৰা আৰম্ভ হ’ব জগন্নাথ ৰথযাত্ৰা ৷
এইবাৰ ভগৱান জগন্নাথৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে । অহা ৭ জুলাইত ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব তেওঁ । ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেওঁ বহুবাৰ শ্ৰীমন্দিৰ দৰ্শন কৰিছিল । সাধাৰণ মানুহৰ দৰেই তেওঁ শ্ৰীমন্দিৰৰ দক্ষিণ দুৱাৰৰ ওচৰৰ 'ৰাণী ঘৰ মঠ'ত বাস কৰে । তেওঁ মন্দিৰৰ ভিতৰত 2 ৰ পৰা 3 ঘণ্টা সময় কটায় । ৰাষ্ট্ৰপতি শ্ৰীমন্দিৰলৈ আহিব বুলি খবৰ পোৱাৰ লগে লগে তেওঁৰ পৰম্পৰাগত পুৰোহিতে (কৌলিকা পাণ্ডা) পুৰণি দিনৰ কথা মনত পেলায় ।
লগতে পঢ়ক:কেৱল গংগাস্নানেই নহয়, এই যাত্ৰাত অংশগ্ৰহণ কৰিলেও মৰিষণ হ’ব সমস্ত পাপ - Puri Rath Yatra 2024