অসম

assam

ETV Bharat / bharat

প্ৰদূষণ নিয়ন্ত্ৰণৰ চেষ্টা; চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰা কৰিব লাগিব কাম - DELHI AIR POLLUTION

Pollution in Delhi: ৰাজধানী দিল্লীত অভাৱনীয় পৰিস্থিতি । প্ৰদূষণ, কুঁৱলী আৰু ঠাণ্ডাই অস্থিৰতাৰ সৃষ্টি কৰিছে ।

Pollution in Delhi
প্ৰদূষণ নিয়ন্ত্ৰণৰ চেষ্টা;চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰা কৰিব লাগিব কাম (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 2:15 PM IST

নতুন দিল্লী : দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰদূষণ ইমানে ভয়াৱহ হৈ পৰিছে যে চৰকাৰে কৰ্মচাৰীসকলৰ বাবে বিশেষ পদক্ষেপ ল'বলৈ সিদ্ধান্ত লৈছে । প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে 'ৱৰ্ক ফ্ৰম হোম' অৰ্থাৎ চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব । চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব । ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে বুধবাৰে সচিবালয়ত বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে এক্সৰ এটা পোষ্টত এই কথা প্ৰকাশ কৰিছে ।

প্ৰদূষণ নিয়ন্ত্ৰণৰ পদক্ষেপ

ইয়াৰ পূৰ্বে, দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰী কাৰ্যালয় খোলা আৰু বন্ধ কৰাৰ সময়ো সলনি কৰিছে । দিল্লী পৌৰ নিগমৰ (এমচিডি) কাৰ্যালয় পুৱা ৮:৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহো পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫:৩০ বজালৈ খোলা হৈছে । দিল্লীৰ চৰকাৰী কাৰ্যালয়সমূহ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬:৩০ বজালৈ খোলাৰ ব্যৱস্থা কৰা হৈছে ।

শীতৰ প্ৰকোপ

প্ৰদূষণৰ লগে লগে ৰাজধানীত বতৰো সলনি হৈছে । ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাইছে । পুৱা ঘন কুঁৱলীৰ সমান্তৰালকৈ দিল্লীবাসীয়ে শীত অনুভৱ কৰিছে । বতৰ বিজ্ঞান বিভাগৰ মতে, দিল্লীত মঙলবাৰে সৰ্বাধিক তাপমাত্ৰা ২৫.৪ ডিগ্ৰী চেলচিয়াছ আছিল । যি স্বাভাৱিকতকৈ দুই গুণ কম । সৰ্বনিম্ন তাপমাত্ৰা ১২.৩ ডিগ্ৰী চেলচিয়াছ আছিল ।

বতৰ বিজ্ঞান বিভাগৰ মতে বুধবাৰে পুৱাও ঠাইভেদে কুঁৱলীৰ ঘনত্ব কম বেছি আছিল । যাৰ বাবে বতৰ বিজ্ঞান বিভাগে পূৰ্বেই হালধীয়া সতৰ্কতা (Yellow Alert) জাৰি কৰিছে । বুধবাৰে ধুমুহাৰো সতৰ্কবাণী জাৰি কৰিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ মতে অঞ্চলটোত বায়ুৰ মান 'গুৰুতৰ' শ্ৰেণীত আছে । আনহাতে দিল্লীৰ বেছিভাগ অঞ্চলত একিউআইৰ স্তৰ ৪০০ ৰ পৰা ৫০০ ৰ ওপৰত আছে ।

লগতে পঢ়ক :জৰুৰী নহ'লে ঘৰৰ পৰা নোলাব: দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত চিকিৎসকৰ আহ্বান

ABOUT THE AUTHOR

...view details