উধমপুৰ : জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত অঘটন ৷ সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত তথ্য মতে, উধমপুৰৰ ৰহম্বল অঞ্চলত পাৰস্পৰিক কাজিয়া আৰু আত্মহত্যাৰ অভিযোগত দুজন আৰক্ষী নিহত হোৱাৰ বিপৰীতে এজন আৰক্ষী আহত হয় । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হয় ঘটনাৰ তদন্ত কৰে ।
উধমপুৰৰ সহকাৰী আৰক্ষী অধীক্ষক (ASP) আমোদ নাগপুৰে কয়, "পুৱা ৬.৩০ বজাত এই ঘটনা সংঘটিত হয় । সোপোৰৰ পৰা তালৱাৰাৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ তেওঁলোক গৈ আছিল । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈছে । প্ৰাৰম্ভিক তদন্ত অনুসৰি, এই ঘটনাত এই ঘটনাত AK-47 ৰাইফল ব্যৱহাৰ কৰা বুলি প্ৰমাণিত হৈছে । লগতে দুজন আৰক্ষীৰ মৃত্যু হৈছে । অৱশ্য়ে তৃতীয়জন আৰক্ষী বৰ্তমান সুস্থ আৰু নিৰাপদে আছে ।"
বাতৰি যুগুত কৰা পৰত উধমপুৰৰ সহকাৰী আৰক্ষী অধীক্ষক (ASP) আমোদ নাগপুৰে কয় উল্লেখ কৰে যে মৰণোত্তৰ পৰীক্ষাৰ লগতে অন্যান্য কিছু কামৰ বাবে আৰক্ষীৰ মৃতদেহ দুটা GMC উধামপুৰলৈ লৈ যোৱা হ’ব ৷
ANI ত উল্লেখ কৰা অনুসৰি সোপোৰৰ দুজন আৰক্ষীয়ে বিভাগীয় বাহনেৰে গৈ ৰিয়াছিৰ তালৱাৰাত অৱস্থিত সহযোগী প্ৰশিক্ষণ কেন্দ্ৰ (এছটিচি)লৈ গৈ আছিল । এই সময়ছোৱাত কোনো এটা বিষয়ক লৈ তেওঁলোকৰ মাজত বিবাদ হৈছিল আৰু ইজনে সিজনৰ ওপৰত গুলীচালনা কৰিছিল । যাৰ ফলত আৰক্ষী দুজনৰ থিতাতে মৃত্যু হয় ।
বৰ্তমানেও এই ঘটনাৰ মূল কাৰণ জানিবলৈ তদন্ত কৰি আছে আৰক্ষী বিষয়াসকলে । বতৰি লিখা পৰলৈকে মৃত আৰক্ষী জোৱানকেইজনৰ পৰিচয় সম্পৰ্কে কোনো তথ্য সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে উল্লেখ কৰা নাই । ঘটনাৰ সৈতে জড়িত প্ৰতিটো দিশ বিভাগীয় কৰ্তৃপক্ষই অতি গুৰুত্বসহকাৰে তদন্ত কৰি আছে ।
তদন্তত নিয়োজিত SIA ৰ বিশেষজ্ঞক
আৰক্ষীৰ মুখপাত্ৰৰ মতে, প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এয়া পাৰস্পৰিক বিবাদ আৰু আত্মহত্যাৰ গোচৰ । গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হয় দুয়োজন আৰক্ষী । ৰাজ্যিক তদন্ত সংস্থাৰ (State Investigation Agency চমুকৈ SIA) বিশেষজ্ঞকে ধৰি ফৰেনছিক দলসমূহে ঘটনাৰ সঠিক ক্ৰম জানিবলৈ তদন্ত কৰি আছে বুলিও তেওঁ কয় ।