নিউজ ডেস্ক, 10 আগষ্ট :শুকুৰবাৰে সদন স্থগিত ৰখাৰ পিচত অক অনন্য দৃশ্য দেখিবলৈ পোৱা যায় । লোকসভা স্থগিত ৰখাৰ পিচত সংসদ চৌহদত আয়োজিত এক অনানুষ্ঠানিক চাহমেলত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী তথা আন আন বিৰোধী দলৰ নেতাসকলে ।
বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ৰাহুল গান্ধী তথা অন্যান্য বিৰোধী নেতাসকলৰ সৈতে শুভেচ্ছামূলক ভাব বিনিময় কৰা দেখা যায় । আনহাতে, লোকসভাত এই অনানুষ্ঠানিক বৈঠকৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ইউক্ৰেইন আৰু গাজাৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত প্ৰশ্ন সোধে ।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উত্তৰত কয়, "ভাৰতে সমগ্ৰ পৰিস্থিতি অতি গভীৰভাৱে নিৰীক্ষণ কৰি আছে ।" উল্লেখ্য যে, সংসদৰ চলিত অধিৱেশন 12 আগষ্টত সমাপ্ত হোৱাৰ কথা আছিল । কিন্তু শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দুয়ো সদন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ঘোষণা কৰে । পৰম্পৰাগতভাৱে দুয়োখন সদন স্থগিত হোৱাৰ পিচত লোকসভাৰ অধ্যক্ষই সংসদত থকা সকলো ৰাজনৈতিক দলৰ নেতাসকলক এক পৰম্পৰাগত চাহমেলৰ বাবে আমন্ত্ৰণ জনায় ।
শাসকীয় দলৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কিঞ্জাৰাপু ৰামমোহন নাইডু, চিৰাগ পাছোৱান, পীয়ুষ গোৱেলৰ লগতে সাংসদ সুদীপ বেনাৰ্জী আৰু কানিমোঝিক চাহমেলত উপস্থিত থকা দেখা যায় । ইয়াৰ পূৰ্বে ওম বিৰলাই অধিবেশনৰ কাৰ্যক্ৰমৰ এক বিতং বিৱৰণ প্ৰদান কৰে । তাত উল্লেখ কৰা হৈছে সদ্যসমাপ্ত অধিৱেশনত মুঠ 115 ঘণ্টাজুৰি 15 খন বৈঠক অনুষ্ঠিত হয় ।
উল্লেখ্য যে, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে 23 জুলাইত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰে । ইয়াৰ ওপৰত 27 ঘণ্টা 19 মিনিট ধৰি আলোচনা চলে । বিৰলাই লগতে উল্লেখ কৰে যে অধিবেশনৰ সময়ত 12 খন চৰকাৰী বিধেয়ক উত্থাপন কৰা হয় আৰু চাৰিখন লোকসভাত গৃহীত হয় । তেওঁ অধিৱেশনৰ গঠনমূলক ফলাফলৰ প্ৰশংসা কৰে । এইবাৰ এই ফলাফল হৈছে উল্লেখনীয়ভাৱে 136 শতাংশ ।