দেওঘৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বিহাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । তাৰ পৰা তেওঁ ঝাৰখণ্ডৰ দেওঘৰ বিমানবন্দৰত উপস্থিত হৈছিল । দেওঘৰৰ পৰা তেওঁ দিল্লীলৈ উৰা মৰাৰ কথা আছিল । কিন্তু কাৰিকৰী বিজুতিৰ বাবে দেওঘৰ বিমানবন্দৰতে বিমানখনত বহু সময় ধৰি আৱদ্ধ হৈ থাকে প্ৰধানমন্ত্ৰীগৰাকী । যাৰ বাবে তেওঁ দিল্লীলৈ ওভতোতে পলম হয় ।
জানিব পৰা মতে উৰণৰ পূৰ্বে নিয়মীয়া পৰীক্ষাৰ সময়তে বিমানখনত কিছু কাৰিকৰী সমস্যা ধৰা পৰে । যাৰ বাবে দেওঘৰ বিমানবন্দৰতে বিমানখন ৰখাই থোৱা হয় । অভিযন্তাৰ এটা বিশেষ দল সম্প্ৰতি বিমানখন পৰীক্ষা কৰাত ব্যস্ত হৈ আছে আৰু কাৰিকৰী সমস্যা সমাধানৰ চেষ্টা কৰি আছে । প্ৰধানমন্ত্ৰী মোদীয়ে দেওঘৰ বিমানবন্দৰত তেওঁৰ বিমানখন সাজু হোৱাৰ বাবে প্ৰায় ১ ঘণ্টা ধৰি অপেক্ষা কৰি থাকে । তেওঁৰ উপস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমানবন্দৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।