নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দিল্লীস্থিত বাসভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো মনমোহন সিঙক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ইয়াৰ লগতে কে চি বেণুগোপালকে ধৰি কংগ্ৰেছ নেতাসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বাসভৱনত উপস্থিত হয় । বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ এইমছত বয়স সম্পৰ্কীয় চিকিৎসাজনিত অৱস্থাৰ বাবে ৯২ বছৰ বয়সত মনমোহন সিঙৰ মৃত্যু হয় । ঘৰত হঠাতে তেওঁৰ জ্ঞান হেৰুওৱাৰ পিছত তেওঁক ততাতৈয়াকৈ এইমছ দিল্লীলৈ লৈ যোৱা হয় । তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ ৰাইজৰ দৰ্শনৰ বাবে দিল্লীৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ (এ আই চি চি) মুখ্য কাৰ্যালয়ত ৰখা হ'ব । কংগ্ৰেছ দলৰ সূত্ৰ অনুসৰি, শনিবাৰে পুৱা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত 'অন্তিম দৰ্শন'ৰ সময়সূচী নিৰ্ধাৰণ কৰা হ'ব । ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীকে ধৰি দলৰ সকলো নেতাই এ আই চি চি কাৰ্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব ।
উল্লেখ্য যে, ভাৰতৰ বিত্তমন্ত্ৰী হিচাপে ১৯৯১ চনৰ অৰ্থনৈতিক উদাৰীকৰণ সংস্কাৰ প্ৰৱৰ্তনৰ বাবে প্ৰখ্যাত মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজঘাটৰ ওচৰত সম্পন্ন কৰা হ'ব । উক্ত স্থানতে প্ৰধানমন্ত্ৰীসকলৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় । আনহাতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত তেওঁক জীৱিত কালত সান্নিধ্য লাভ কৰা সকলো ক্ষেত্ৰৰ কেইবাগৰাকীও ৰাজনীতিবিদ তথা ব্যক্তিয়ে তেওঁলোকৰ দুখ প্ৰকাশ কৰিছে ।