তেজপুৰ, ৯ মাৰ্চ :সাগৰপৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে চেলা সুৰংগ । তেজপুৰৰ পৰা টাৱাং সংযোগী পথ আৰু চেলা পাছক ১৩,৭০০ ফুট উচ্চতাত বাইপাছেৰে সংযোগ কৰিব । বালিপৰা-চাৰিদুৱাৰ-টাৱাং ৰোডৰ ওপৰত এই সুৰংগ নিৰ্মাণ কৰা হৈছে । অতি উচ্চতাৰ দ্বি-লেনযুক্ত এই সুৰংগ মুকলিৰ লগে লগে ই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডতো অন্তৰ্ভুক্ত হৈছে । কিয়নো এই উচ্চতাত বৰ্তমানলৈকে কোনো সুৰংগ নিৰ্মাণ হোৱা নাই ।
সুৰংগৰ বৈশিষ্ট্য : ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে চেলা সুৰংগৰ আধাৰশিলা স্থাপন কৰিছিল । তাৰ পিচত ১ এপ্ৰিলৰ পৰা সুৰংগৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল । ইয়াক মাত্ৰ ৫ বছৰতে সম্পূৰ্ণ কৰা হৈছে । কঠিন ভূখণ্ড, প্ৰতিকূল বতৰকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে সীমান্ত পথ সংস্থাই সুৰংগটো নিৰ্মাণ কৰিছে । সুৰংগৰ দুয়োদিশৰ প্ৰৱেশদ্বাৰত ৰখা হৈছে ভগৱান বৌদ্ধৰ প্ৰতিমূৰ্তি ।
লগতে সুৰংগৰ ভিতৰৰ বেৰবোৰতো অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় আৰু পৰম্পৰাগত লোক-সংস্কৃতি অংকন কৰা হৈছে । চেলা সুৰংগ ব্যৱস্থাটো ১০০৩ মিটাৰ দৈৰ্ঘৰ দুটা সুৰংগৰে গঠিত আৰু ৮২৫ কোটি টকা ব্যয় সাপেক্ষে ক্ৰমে ১৫৯৫ মিটাৰ আৰু ৮.৬ কিলোমিটাৰ এপ্ৰ'চ আৰু লিংক ৰোড নিৰ্মাণ কৰা হৈছে । দ্বিতীয় সুৰংগটোৰ কাষতে এটা এস্কেপ টিউব আছে । নিৰ্মাণ কৰা এস্কেপ টিউব মূল সুৰংগৰ সমান্তৰালভাৱে প্ৰতিটোৰ পিচত ক্ৰছ পেচেজৰ সৈতে সংযুক্ত কৰা হয় ৫০০মিটাৰ । জৰুৰীকালীন অৱস্থাত এই এস্কেপ টিউবটো স্থানান্তৰ কৰি ব্যৱহাৰ কৰিব পৰা যাব ।
সুৰংগটোৰ উপকাৰিতা : প্ৰতিদিনে ৩,০০০ বাহন আৰু ২০০০ খন ট্ৰাকৰ যাতায়তৰ বাবে ডিজাইন কৰা হৈছে সুৰংগটো । ইয়াত বাহনৰ সৰ্বোচ্চ গতি প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ । চেলা সুৰংগই কেৱল সাধাৰণ নাগৰিকৰ যাতায়তে নহয় সেনা তথা প্ৰতিৰক্ষা বাহিনীৰ যোগান ব্যৱস্থাও মসৃণ কৰি তুলিব ।