নিউজ ডেস্ক, ১৮ জুন: একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিচত বাৰাণসী ভ্ৰমণত নৰেন্দ্ৰ মোদীয়ে ৯.৩ কোটি কৃষকক উপকৃত কৰাৰ লক্ষ্যৰে পিএম-কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰে । কাশীবাসীৰ মৰমৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলিও কয় মোদীয়ে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিচত মঙলবাৰে প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ নিজা সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰে ।
লগতে পঢ়ক:24 জুনৰ পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন - first session of 18th Lok Sabha
বাৰাণসীত প্ৰধানমন্ত্ৰী কৃষক সন্মান সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই লোকসভা নিৰ্বাচনত জনসাধাৰণে দিয়া ৰায় সঁচাকৈয়ে অভূতপূৰ্ব আৰু ই ইতিহাসৰ সৃষ্টি কৰিছে । এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ৯.২৬ কোটিৰো অধিক কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ১৭ সংখ্যক কিস্তিৰ ২০ হাজাৰ কোটি টকা মুকলি কৰি দিয়ে ।