নতুন দিল্লী :বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল ড'নাল্ড ট্ৰাম্প । বিশ্বৰ নেতাসকলে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ লগতে ৰিপাব্লিকান পাৰ্টিৰ সফলতাৰ বাবে ট্ৰাম্পক উষ্ম অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে ।
প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাবাৰ্তা
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ট্ৰাম্পৰ চমৎকাৰী আৰু সুন্দৰ বিজয়ে তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ ওপৰত আমেৰিকান জনসাধাৰণৰ গভীৰ বিশ্বাসক প্ৰতিফলিত কৰে । ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ ইতিবাচক গতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ স্মৰণীয় বাৰ্তালাপৰ কথা স্মৰণ কৰে । যাৰ ভিতৰত আছে ২০১৯ চনৰ ছেপ্টেম্বৰত হিউষ্টনত হোৱা হাওডি মোদী অনুষ্ঠান আৰু ২০২০ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত আহমেদাবাদত নমস্তে ট্ৰাম্প অনুষ্ঠান ।