নেশ্যনেল ডেস্ক, 4 মাৰ্চ:তেলেংগানাৰ এখন ৰাজনৈতিক মঞ্চত সোমবাৰে একেলগে দেখা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক ৷ আদিলাবাদৰ ইন্দিৰা প্ৰিয়দৰ্শিনী ময়দানত আজি দেশৰ প্ৰধানমন্ত্ৰী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰীক একেলগে একেখন মঞ্চত দেখা যাব ৷ লক্ষণীয়ভাৱে ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনে একেখন বৈঠকতে অংশ ল’ব বুলি জানিব পৰা গৈছে ৷
প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, আৰু ৰাজ্যপাল তামিলিছাই আদিলাবাদলৈ অহাৰ সময়তে আৰক্ষী বাহিনীয়ে চহৰখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গ্ৰহণ কৰিছে । বিশিষ্ট ব্যক্তিৰ আগমনৰ বাবে আঠখন হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছে । দিল্লীৰ পৰা বিশেষ বিমানেৰে পুৱা মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । নাগপুৰৰ পৰা প্ৰধানমন্ত্ৰী মোদী পুৱা বিশেষ হেলিকপ্টাৰেৰে আদিলাবাদত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ।
ইয়াৰ পূৰ্বে ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনে পুৱা 9.05 বজাত হায়দৰাবাদলৈ ৰাওনা হোৱাৰ লগতে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী পুৱা আদিলাবাদত উপস্থিত হোৱাৰ কথা আছিল । তিনিওজনে একেলগে ইন্দিৰা প্ৰিয়াদৰ্শিনী ময়দানত 6700 কোটি টকাৰ একাংশ উন্নয়নমূলক কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । এই অনুষ্ঠানৰ পিছত অনুষ্ঠিত বিজেপিৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব কেৱল প্ৰধানমন্ত্ৰী মোদীয়ে ।