অসম

assam

ETV Bharat / bharat

পূব এছিয়া শীৰ্ষ সন্মিলন আছিয়ান দেশসমূহৰ সৈতে যোগাযোগ আৰু অধিক গভীৰ কৰাৰ সুযোগ: প্ৰধানমন্ত্ৰী মোদী

PM Modi Laos visit: লাওছ ভ্ৰমণৰ সময়ত আছিয়ানৰ সৈতে সম্পৰ্ক বৃদ্ধিৰ লক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ । দুদিনীয়া ভ্ৰমণসূচীৰে লাওছত উপস্থিত প্ৰধানমন্ত্ৰী ৷

By ANI

Published : 5 hours ago

PM Modi Laos visit
লাওছত উপস্থিত প্ৰধানমন্ত্ৰী (@narendramodi)

নিউজ ডেস্ক, 10 অক্টোবৰ:আছিয়ান-ভাৰত আৰু পূব এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে লাওছলৈ ৰাওনা হয় ৷ আছিয়ান দেশসমূহৰ সৈতে যোগাযোগ আৰু অধিক গভীৰ কৰিব বুলি আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।

বিদেশ ভ্ৰমণৰ পূৰ্বে এক বিবৃতিত মোদীয়ে উল্লেখ কৰে যে ভাৰতে এইবাৰ এক্ট ইষ্ট নীতিৰ দশক উদযাপন কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মই আছিয়ানৰ নেতাসকলৰ সৈতে যোগ দি আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি পৰ্যালোচনা কৰিম আৰু আমাৰ সহযোগিতাৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰিম ।’’

লাওছত উপস্থিত প্ৰধানমন্ত্ৰী (ANI)

ইষ্ট এছিয়া সন্মিলনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনাৰ সুযোগ প্ৰদান কৰিব বুলিও তেওঁ কয় । মোদীয়ে কয় যে বৌদ্ধ আৰু ৰামায়ণৰ ভাগ-বতৰা ঐতিহ্যৰে সমৃদ্ধ লাও পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিক (পিডিআৰ)কে ধৰি এই অঞ্চলৰ সৈতে ভাৰতে ঘনিষ্ঠ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক ভাগ কৰিছে ।

তেওঁ কয়, ‘‘আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে লাও পিডিআৰৰ নেতৃত্বৰ সৈতে মোৰ বৈঠকৰ বাবে মই আগ্ৰহী ।’’ তেওঁ লগতে কয়, "এইটো এটা বিশেষ বছৰ কাৰণ আমি আমাৰ এক্ট ইষ্ট পলিচিৰ এটা দশক উদযাপন কৰিছো, যাৰ ফলত আমাৰ জাতিৰ বাবে যথেষ্ট সুবিধা হৈছে । এই ভ্ৰমণৰ সময়ত বিভিন্ন দ্বিপাক্ষিক বৈঠক আৰু বিশ্বৰ বিভিন্ন নেতাৰ সৈতেও মত বিনিময় কৰা হ'ব ।"

২১ সংখ্যক আছিয়ান-ভাৰত আৰু ১৯ সংখ্যক পূব এছিয়া সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী ছোনেক্সে ছিফাণ্ডনৰ আমন্ত্ৰণত লাও পিডিআৰ ভ্ৰমণ কৰিছে মোদীয়ে ।

আছিয়ান-ভাৰত সন্মিলনত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে ভাৰত-আছিয়ান সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰা হ’ব আৰু সহযোগিতাৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰা হ’ব । ইষ্ট এছিয়া শীৰ্ষ সন্মিলনে অঞ্চলটোত কৌশলগত আস্থাৰ পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগায়, আৰু ভাৰতকে ধৰি EAS ৰ অংশগ্ৰহণকাৰী দেশসমূহৰ নেতাসকলক আঞ্চলিক গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মতামত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰে ।

লগতে পঢ়ক:খহি পৰিল ভাৰতৰ উদ্যোগ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ; অন্তিম শয়নত ৰতন টাটা

ভাৰতত মালদ্বীপৰ প্ৰধানমন্ত্ৰী; ৰাষ্ট্ৰপতিসহ মোদীয়ে জনালে আদৰণি - Maldives President India visit

ABOUT THE AUTHOR

...view details