অসম

assam

ETV Bharat / bharat

কাইলৈ অৰুণাচলৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ; উপস্থিত থাকিব অমিত শ্বাহ, জে পি নাড্ডা - Pema Khandu Oath Taking Ceremony - PEMA KHANDU OATH TAKING CEREMONY

Pema Khandu Oath Taking Ceremony : তৃতীয়বৰাৰ বাবে পেমা খাণ্ডুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । অৱশ্যে তেওঁৰ মন্ত্ৰীসভা সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই । সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত আগন্তুক মন্ত্ৰীসভাত খাণ্ডু চৰকাৰৰ পুৰণি তথা জ্যেষ্ঠ সতীৰ্থসকল অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত ।

Pema Khandu Oath Taking Ceremony
পেমা খাণ্ডুৱে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 3:25 PM IST

তেজপুৰ, ১২ জুন : বৃহস্পতিবাৰে তৃতীয়টো কাৰ্যকালৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব পেমা খাণ্ডুৱে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাৰ উপস্থিতিত খাণ্ডুৱে শপত গ্ৰহণ কৰিব ।

এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি তথা ১২ পাকে কেঁচাং সমষ্টিৰ বিধায়ক বিৰোৰাম ৱাগে ইটিভি ভাৰতক জনায় যে বৃহস্পতিবাৰে দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত ৰাজ্যিক কনভেনচন হলত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব । ইয়াৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জে পি নাড্ডা বুধবাৰে বিয়লি অৰুণাচল প্ৰদেশত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে ।

ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কে টি পাৰ্ণাইকে মুখ্যমন্ত্ৰীৰূপে পেমা খাণ্ডু আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে চাউনা মেন'ক শপত বাক্য পাঠ কৰাব । উল্লেখ্য যে খাণ্ডুৱে এইবাৰকে ধৰি তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব ।

ইফালে ৱাগে জনায় যে মন্ত্ৰীসভাত কোন কোন অন্তৰ্ভুক্ত হ'ব সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই । কিন্তু পুৰণি মন্ত্ৰীসভাখনেই বাহাল থাকিব পাৰে বুলিও তেওঁ লগতে কয় । আনহাতে, বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত আগন্তুক মন্ত্ৰীসভাত পূৰ্বৰ খাণ্ডু চৰকাৰৰ পুৰণি তথা জ্যেষ্ঠ সতীৰ্থসকল অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত ।

উল্লেখ্য যে ৰাজ্যখনত এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিধানসভা আৰু লোকসভা দুয়োটা নিৰ্বাচনতে এক অভূতপূৰ্ব ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । এইবাৰ মন্ত্ৰীসভাত বহুকেইগৰাকী জ্যেষ্ঠ বিধায়কে স্থান লাভ কৰাৰ লগতে পূৰ্বৰ মন্ত্ৰীসভা দৰে প্ৰায় একে থাকিব বুলি অনুমান কৰা হৈছে । ৰাজ্যখনৰ ধাৰাবাহিক উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰি জনসাধাৰণে একেখন চৰকাৰক পুনৰ শাসনৰ ভাৰ ল'বলৈ নিৰ্বাচিত কৰা বুলিও শাসকীয় পক্ষই ক'ব বিচাৰে ।

সাধাৰণতে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী এই দুগৰাকী নেতাৰ ওপৰত নিৰ্ভৰশীল বিধায়নী দল । অৱশ্যে বৰ্তমানৰ প্ৰেক্ষাপট অনুসৰি, সম্ভাৱ্য মন্ত্ৰীসভাত পুৰণি জ্যেষ্ঠ মন্ত্ৰী হানচুন নগাণ্ডাম, ৱাংকি লাৱাং, কমলুন মচাং, বামেং ফিলিশ, আলো লিবাং, মামা নাটুঙে পুনৰ মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

পূৰ্বতে খাণ্ডু কেবিনেটত মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীকে ধৰি মুঠ ১২ গৰাকী মন্ত্ৰী আছিল । এইবাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় লাভ কৰা বিধায়কৰ সংখ্যা পূৰ্বতকৈ বেছি । যদিও মন্ত্ৰীসভাৰ তালিকা প্ৰকাশ হোৱা নাই, বুধবাৰে নিশাৰ ভিতৰতে ই স্পষ্ট হৈ পৰিব । বিজেপিয়ে ৬০ টা বিধানসভা সমষ্টিৰ ৪৬ টা সমষ্টিত নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছে । ইয়াৰ বিপৰীতে নেচনেল পিপ'লছ পাৰ্টী চমুকৈ এন পি পিয়ে ৫ খন আসনত জয়লাভ কৰে । আনহাতে, নিৰ্দলীয়ই তিনিখন আৰু এন চি পি য়ে ৩ খনত নিজৰ বিজয় ধাৰা অক্ষুণ্ণ ৰাখে । আনহাতে, পিপ'লছ পাৰ্টী অব অৰুণাচল চমুকৈ পি পি এয়ে ২ খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে মাত্ৰ এখন আসনতে সীমাবদ্ধ থাকে ।

অৰুণাচলৰ মুঠ ৬০ জনীয়া বিধানসভাৰ ভিতৰত যিকোনো ৰাজনৈতিক দলক চৰকাৰ গঠন কৰিবলৈ ৩১ খন আসন লাগে । কিন্তু বিজেপিয়ে ৪৬ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে । এন পি এ আৰু পি পি এ দুয়োটা দল বিজেপি দলৰ সৈতে মিত্ৰতাত আছে । এন পি পি বিজেপিৰ সৈতে পোনপটীয়াকৈ মিত্ৰতা থকাৰ বিপৰীতে পি পি এ নেডাৰ লগত মিত্ৰতাত আছে । এই দিশৰ পৰা বিজেপি মিত্ৰদলৰ সৈতে আৰু ৭ খন আসন থাকিব । নিৰ্দলীয়, এন চি পি আৰু কংগ্রেছ দল মিলি বিৰোধী শিবিৰত ৭ খন আসন থাকিব ।

লগতে পঢ়ক :আকৌ অন্ধ্ৰ প্ৰদেশৰ ভাৰ নিজ কান্ধত তুলি ল’লে চন্দ্ৰবাবু নাইডুৱে - Chandrababu Swearing in Ceremony

ABOUT THE AUTHOR

...view details