জলগাঁও : মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা । পুষ্পক এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ উৰাবাতৰিৰ ফলত একাংশ যাত্ৰীয়ে ৰে’লখনৰ পৰা জপিয়াই প্ৰাণৰক্ষাৰ চেষ্টা কৰে ৷ তেনে সময়তে আনটো ট্ৰেকেৰে পাৰ হৈ যোৱা কৰ্ণাটক এক্সপ্ৰেছে যাত্ৰীসকলক মহতিয়াই নিয়ে । এই ঘটনাত 13 জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ।
মুম্বাইৰ পৰা 400 কিলোমিটাৰ নিলগত উত্তৰ মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পৰাণ্ডা ৰে‘ল ষ্টেচনৰ সমীপত বুধবাৰে সন্ধিয়া সংঘটিত হয় এই মৰ্মান্তিক ঘটনা । এই দুৰ্ঘটনাত 30 জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে । প্ৰথমাৱস্থাত এই ঘটনাত 11 জন লোক নিহত হৈছিল বুলি জানিব পৰা গৈছিল ৷ অৱশ্যে শেহতীয়াকৈ নিহতৰ সংখ্যা বাঢ়ি 13 জন হৈছে বুলি জানিব পৰা গৈছে ৷
এই ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, জিলা আয়ুক্তকে ধৰি সংশ্লিষ্ট সকলো বিভাগৰ লোক সেই স্থানত উপস্থিত হয় । নাছিকৰ সংমণ্ডল আয়ুক্ত প্ৰবীণ গেদামে কয় যে তেওঁলোকে ডি আৰ এম আৰু ৰে’লৱেৰ বিষয়াসকলৰ সৈতে সমন্বয় সাধন কৰি আছে ।
৮ খন এম্বুলেন্স সেই স্থানত উপস্থিত হৈছে । ইয়াৰ লগতে ৰে’লৱে উদ্ধাৰ বাহিনী আৰু ৰে’লৱে এম্বুলেন্স ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে । মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি সংমণ্ডল আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।