অসম

assam

ETV Bharat / bharat

Bank loot in Manipur : মণিপুৰত দিন দুপৰতে ২০ লক্ষাধিক টকা লুট - Bank loot in Manipur - BANK LOOT IN MANIPUR

SBI in Manipur : মণিপুৰত সংঘটিত হৈছে এক বেংক ডকাইতিৰ ঘটনা ৷ ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ ভাৰতীয় ষ্টেট বেংকৰ কে ছালবুং গাঁৱত থকা এটা শাখাত সংঘটিত হয় এই ঘটনা ৷

Bank loot in Manipur
মণিপুৰত দিন দুপৰতে ২০ লক্ষাধিক টকা লুট (Etv Bharat)

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:52 PM IST

তেজপুৰ, ২ মে' : অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিৱেশ মাজে-সময়ে হৈ পৰে অশান্ত ৷ বৃহস্পতিবাৰে ৰাজ্যখনত সংঘটিত হৈছে এক বেংক ডকাইতিৰ ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ ভাৰতীয় ষ্টেট বেংকৰ কে ছালবুং গাঁৱত থকা এটা শাখাত সংঘটিত হয় এই ঘটনা ৷ বেংকটোত কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰি লুট কৰি নিয়ে প্ৰায় ২০ লক্ষাধিক টকা ৷ ঘটনা সন্দৰ্ভত বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, এই ডকাইতিৰ ঘটনাটো সংঘটিত হয় দুপৰীয়া প্ৰায় ২ বজাত ৷ বেংকত উপস্থিত থকা গ্ৰাহকৰ ভিৰৰ মাজতে চাৰিজন অচিনাক্ত দুৰ্বৃত্তই অস্ত্ৰ-শস্ত্ৰ লৈ বেংকৰ ভিতৰত গুলীচালনা কৰে ৷ এই ঘটনাত স্বাভাৱিকতে বেংকটোৰ ভিতৰত সৃষ্টি হয় হুৱাদুৱা পৰিস্থিতি ৷ উপস্থিত লোকসকল ভীতিগ্ৰস্ত হৈ পৰাৰ মাজতে দুৰ্বৃত্তৰ দলটোৱে বেংকটোৰ পৰা লুটি নিয়ে প্ৰায় ২০ লাখ টকা ৷

ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি চলি থকাৰ মাজতে সংঘটিত হোৱা এয়া চতুৰ্থটো বেংক ডকাইতিৰ ঘটনা ৷ পূৰ্বতেও একেধৰণৰ কাণ্ড সংঘটিত হৈছে ৷ উল্লেখ্য যে, অনুৰূপ তেনে এক ঘটনা সংঘটিত হৈছিল এটা এক্সিছ বেংকৰ শাখাত ৷ 2019 চনৰ 10 জুলাইত চুৰাচান্দপুৰত অৱস্থিত টেডিম ৰোড আৰু থাংজাম ৰোডৰ সংযোগস্থলত এই বেংক ডকাইতিৰ ঘটনা সংঘটিত হয় ৷

এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ২০২৩ চনতো এটা বেংকৰ শাখাত নগদ এক কোটি টকাৰ লগতে যথেষ্ট পৰিমাণৰ সোণ, লুটপাত কৰা হৈছিল ৷ একেদৰে বিগত বৰ্ষৰে 30 নৱেম্বৰত মণিপুৰৰ পাঞ্জাৱ নেচনেল বেংক(পিএনবি) ৰ উখৰুলত থকা মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ১৮.৮৫ লাখ টকা লুটি নিছিল 10 জনীয়া ডকাইতৰ এটা দলে ৷

লগতে পঢ়ক:আৰক্ষীৰ আগত হুবহু বিৱৰণ দিলে নলবাৰীৰ বেংক ডকাইতিৰ অভিযুক্তই

ABOUT THE AUTHOR

...view details