জং (অৰুণাচল প্ৰদেশ):প্ৰকৃতিৰ ৰম্যভূমি ভাৰত-চীন সীমান্তৰ টাৱাং জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে বছৰৰ সকলো সময়তে । এনে এক আকৰ্ষণীয় ঠাই হৈছে সীমান্তৰ কাষতে থকা ভাৰতৰ হিমালয়ৰ পাদদেশৰ জং । জঙৰ এটি বিখ্যাত জলপ্ৰপাতে সকলোৰে মন মতলীয়া কৰে আৰু ই দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।
জং বা নুৰানাং :
জং জলপ্ৰপাত হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত থকা নুৰানাং জলপ্ৰপাতৰ জনপ্ৰিয় নাম । ইয়াক স্থানীয় ভাষাত বং বং জলপ্ৰপাত বুলিও কোৱা হয় । ইয়াৰ উচ্চতা ১০০ মিটাৰ অৰ্থাৎ ৬,০০০ ফুট ৷ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জং জলপ্ৰপাত পাহাৰীয়া জং চহৰৰ পৰা মাত্ৰ ২ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত । টাৱাঙৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণ-পূবে চেলা সুৰংগৰ উত্তৰত আৰু ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ ট্ৰেন্স অৰুণাচল ঘাইপথত টাৱাং আৰু বমডিলাৰ মাজত অৱস্থিত জং । ইয়াৰ পৰা সংলগ্ন হৈছে জং হাইডেল প্লাণ্ট ৷ এটা সৰু হাইডেল প্লাণ্ট, য’ত স্থানীয় লোকৰ ব্যৱহাৰৰ বাবে বিদ্যুৎ উৎপাদন হয় ।
নুৰানাং নদীৰ উৎপত্তি হৈছে চেলা পাছৰ উত্তৰ দিশৰ পৰা । জলপ্ৰপাতটো কিছু দূৰ যোৱাৰ পিছতে ই টাৱাং নদীৰ সৈতে এক হৈছে । নুৰানাং নদী আৰু নুৰানাং জলপ্ৰপাতৰ নামকৰণ হৈছে নুৰা নামৰ স্থানীয় মনপা ছোৱালী এজনীৰ নামেৰে (বহুতে "নুৰা" বুলিও কয়), যিয়ে ভাৰতীয় সেনাৰ এজন সৈনিক, ৰাইফলমেন যশৱন্ত সিং ৰাৱাটক ১৯৬২ চনৰ চীনা যুদ্ধৰ সময়ত নুৰানাং যুদ্ধত সহায় কৰিছিল । ভাৰতৰ বীৰ সেনা-বাহিনীৰ জোৱানজনক সেই সময়ত চীনৰ পি এল এ বাহিনীয়ে বন্দী কৰিছিল । পাছত তেওঁক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰ প্ৰদান কৰা হৈছিল ৷