নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : প্ৰাণ প্ৰতিষ্ঠাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাম নৱমী উদযাপনৰ বাবে সাজু হৈছে আযোধ্যাৰ ৰাম মন্দিৰ । বুধবাৰে লাখ লাখ ভক্তৰ আগমনৰ কথা চিন্তা কৰি মন্দিৰ কৰ্তৃপক্ষই ব্যাপক প্ৰস্তুতি চলাইছে । পুৱা ৩:৩০ বজাৰ পৰা মঙ্গলা আৰতিৰ জৰিয়তে আৰম্ভ হোৱা এই কাৰ্যসূচী নিশা ১১ বজালৈ চলিব ।
ৰামলালাৰ ওচৰত বিশেষ ভোগ আগবঢ়োৱা হ'ব । অযোধ্যা প্ৰশাসনে আশা কৰা মতে জানুৱাৰীত অনুষ্ঠিত হোৱা অভিষেক অনুষ্ঠানৰ পিচত ই বছৰটোৰ দ্বিতীয় বৃহৎ অনুষ্ঠান হ'ব । এনে পৰিস্থিতিত শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে বিশিষ্ট অতিথিসকলক ১৯ এপ্ৰিলৰ পিচতহে ৰামলালাৰ দৰ্শনৰ বাবে অযোধ্যা ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে । ন্যাসৰ মতে ৰাম মন্দিৰত প্ৰৱেশ কৰিবলৈ সকলোৱে আন ভক্তৰ দৰে একে পথ অনুসৰণ কৰিব লাগিব ।
দৰ্শনৰ সময়ত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে ভক্তসকলক তেওঁলোকৰ মোবাইল ফোন আৰু অন্যান্য মূল্যৱান সামগ্ৰী লগত অনাৰ পৰা বিৰত থাকিবলৈ কৰ্তৃপক্ষই পৰামৰ্শ দিছে । সুগ্ৰিৱ কুইলাত ন্যাসৰ দ্বাৰা তীৰ্থযাত্ৰীসকলৰ বাবে এটা সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইফালে প্ৰসাৰ ভাৰতীয়ে ৰাম মন্দিৰৰ এই বিশেষ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব ।
ইয়াৰ উপৰিও ৰাম নৱমী উদযাপনৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে অযোধ্যা পৌৰ নিগমে সমগ্ৰ অযোধ্যাত প্ৰায় ১০০ খন এলইডি স্ক্ৰীণ স্থাপন কৰিব । একেদৰে ভক্তসকলৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই । ৰাম জন্মভূমি ন্যাসৰ সদস্য আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে ভিৰ নিয়ন্ত্ৰণৰ প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।