নেশ্যনেল ডেস্ক, 1 এপ্ৰিল:নিৰ্বাচনৰ প্ৰাকক্ষণত দেশবাসীলৈ সকাহ ৷ দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৷ অৱশ্যে ঘৰুৱা নহয় দাম হ্ৰাস হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ ৷ সংবাদ সংস্থা এ এন আইৰ মতে তেল বিপণন কোম্পানীবোৰে 19 কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰ আৰু 5 কিলোগ্ৰাম এফটিএল (ফ্ৰী ট্ৰেড এলপিজি) চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে ।
19 কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 30.50 টকা হ্ৰাস কৰা হৈছে । সোমবাৰৰে পৰা কাৰ্যকৰী হৈছে এই নিৰিখ ৷ প্ৰাপ্ত তথ্যমতে 1 এপ্ৰিলৰ পৰা, দিল্লীত মূল্য 1764.50 নিৰ্ধাৰণ কৰা হৈছে । 5 কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ মূল্য 7.50 টকা হ্ৰাস কৰা হৈছে ।
উল্লেখ্য যে, 1 মাৰ্চত, তেল বিপণন কোম্পানীবোৰে বাণিজ্যিক তৰলীকৃত পেট্ৰ'লিয়াম গেছ (এলপিজি) চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল । মূল্যৰ এই সংশোধন ইন্ধন ব্যয় আৰু বজাৰৰ গতিশীলতাৰ তাৰতম্যৰ সময়ত আহিছিল ।