বালাংগীৰ:ওড়িশাৰ বালাংগীৰ জিলাত চাঞ্চল্যকৰ ঘটনা । সাধাৰণ কথাতে এগৰাকী জনজাতীয় মহিলাক নিৰ্মমভাৱে প্ৰহাৰ ট্ৰেক্টৰ চালকৰ । অভিযোগ অনুসৰি কেৱল প্ৰহাৰ কৰাই নহয় মহিলাগৰাকীৰ মুখত বলপূৰ্বকভাৱে ভৰাই দিলে মানুহৰ বিষ্ঠা । মহিলাগৰাকীয়ে তেওঁৰ ভূমিৰ শস্য নষ্ট কৰাৰ বাবে ট্ৰেক্টৰ চালকক বাধা দিছিল ।
এই ঘটনাটো ১৬ নৱেম্বৰত জিলাখনৰ বাংগোমুণ্ডা আৰক্ষী থানাৰ অন্তৰ্গত জুৰাবন্ধা গাঁৱত সংঘটিত হৈছিল । এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে ২০ বছৰীয়া জনজাতীয় মহিলাগৰাকীয়ে তেওঁৰ কৃষিভূমিত ট্ৰেক্টৰৰ প্ৰৱেশত বিৰোধিতা কৰিছিল । তাৰ পিছত ট্ৰেক্টৰ চালকে মহিলাগৰাকীক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল ।
জনজাতীয় মহিলাক আক্ৰমণ
অভিযোগ অনুসৰি অভিযুক্তজনে তেওঁক প্ৰহাৰ কৰিছিল আৰু বলপূৰ্বকভাৱে মানুহৰ বিষ্ঠা তেওঁৰ মুখত ভৰাই দিছিল । ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে বাংগোমুণ্ডা আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে । ভুক্তভোগী মহিলাগৰাকীৰ মতে, তেওঁ নিজৰ পথাৰত কাম কৰি আছিল । তেতিয়া অভয় বাগ নামৰ এজন অ-জনজাতীয় লোকে তেওঁৰ কৃষিভূমিৰ মাজেৰে ট্ৰেক্টৰ লৈ আহিছিল । যাৰ ফলত মহিলাগৰাকীৰ শস্যৰ বিস্তৰ ক্ষতি হৈছিল । মহিলাগৰাকীয়ে লোকজনক বাধা দিছিল ।
তাৰ পিছত জনজাতীয় মহিলাগৰাকী গাঁওখনৰে ওচৰৰ পুখুৰীৰ পৰা উভতি আহি থকা সময়ত অভিযুক্ত ট্ৰেক্টৰ চালকজনে তেওঁক আক্ৰমণ কৰে ।