অসম

assam

ETV Bharat / bharat

ভাৰতৰ বিকাশৰ ইঞ্জিনলৈ ৰূপান্তৰিত হৈছে উত্তৰ-পূৰ্বাঞ্চল: জ্যোতিৰাদিত্য সিন্ধিয়া - JYOTIRADITYA SCINDIA ON NE

কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰীগৰাকীয়ে কয় যে বিগত ১০ বছৰত অঞ্চলটোত সংঘটিত সংঘৰ্ষৰ ঘটনাৰ সংখ্যা পূৰ্বৰ সময়ৰ তুলনাত প্ৰায় ৮০ শতাংশ হ্ৰাস পাইছে ।

Jyotiraditya Scindia on NE
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া (ANI)

By ANI

Published : 4 hours ago

নতুন দিল্লী:উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশৰ প্ৰশংসা কৰে আৰু আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ উন্নতিৰ কথা উল্লেখ কৰে ।

এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ মণিপুৰে মোকাবিলা কৰি থকা জটিলতাৰ কথা স্বীকাৰ কৰে । কিন্তু শেহতীয়া বছৰবোৰত উদ্ভৱ হোৱা সমস্যাৰ কথা অস্বীকাৰ কৰি কয় যে পৰিস্থিতিটো ২৫-৪০ বছৰ ধৰি অব্যাহত আছে । তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে মণিপুৰত হিংসাৰ মাজতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমস্যাৰ সমাধান বিচাৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

"কেন্দ্ৰীয় চৰকাৰে বিষয়টো নিৰীক্ষণত ৰাখিছে । মণিপুৰত যোৱা পাঁচ বছৰ বা দহ বছৰত সংঘটিত হোৱা পৰিস্থিতি নহয় । মণিপুৰ হৈছে এক পৰিস্থিতি, যিটো বিগত ২৫ ৰ পৰা ৪০ বছৰ ধৰি অব্যাহত আছে । গতিকে এইটো এনেকুৱা এটা কথা নহয়, যিটো এইখন চৰকাৰে সৃষ্টি কৰিছে । আমি সকলো দলৰ সৈতে আলোচনা কৰি আছোঁ আৰু আমি এক সৌহাৰ্দপূৰ্ণ সমাধান আনিবলৈ চেষ্টা কৰি আছোঁ । কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে এই সমস্যাৰ সমাধান বিচাৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।" তেওঁ কয় ।

কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰীগৰাকীয়ে কয় যে বিগত ১০ বছৰত অঞ্চলটোত সংঘটিত সংঘৰ্ষৰ ঘটনাৰ সংখ্যা পূৰ্বৰ সময়ৰ তুলনাত প্ৰায় ৮০ শতাংশ হ্ৰাস পাইছে ।

"অঞ্চলটো সংঘৰ্ষত জৰ্জৰিত হৈ আছে বুলি কোৱাটো অনুচিত আৰু অশুদ্ধ । উত্তৰ-পূৰ্বাঞ্চল এই সময়ছোৱাত কেতিয়াও ইমান শান্তিপূৰ্ণ নাছিল, যিমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হৈছে । পূৰ্বৰ সময়ৰ তুলনাত বিগত ১০ বছৰত সংঘটিত ঘটনাৰ পৰিমাণ প্ৰায় ৮০ শতাংশ বা ততোধিক হ্ৰাস পাইছে । এই অঞ্চলত ভাৰতত বিকাশৰ মূল সুঁতিত যোগদান কৰা আৰু অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰা বিদ্ৰোহীৰ সংখ্যা প্ৰায় ৭০ ৰ পৰা ৭৫ শতাংশ বৃদ্ধি পাইছে ।" তেওঁ কয় ।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত স্বাক্ষৰিত চুক্তিৰ সংখ্যা পথ প্ৰদৰ্শক হৈ আহিছে । আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই অঞ্চলত যি পৰিমাণৰ উন্নয়ন আৰু প্ৰগতি ঘটিছে সেয়া অতি কম নহয় ।" সিন্ধিয়াই লগতে কয় ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ উন্নতিৰ কথাও উল্লেখ কৰে । ইয়াৰ ভিতৰত আছে ১৬,০০০ কিলোমিটাৰতকৈও অধিক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আৰু ৰে'ল, বিমানবন্দৰ আৰু জলপথৰ সম্প্ৰসাৰণ ।

"মই এইমাত্ৰ নৰ্থ-ইষ্ট ইনভেষ্টৰ ছামিটৰ বাবে মুম্বাইত এটা ৰোড শ্ব' অনুষ্ঠিত কৰিছোঁ । য'ত মোৰ সৈতে ত্ৰিপুৰা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী মঞ্চত আছিল আৰু তেওঁলোকে নিজ নিজ ৰাজ্যত তেওঁলোকৰ নেতৃত্বত হোৱা উন্নয়নৰ ক্ষেত্ৰত দিয়া প্ৰভাৱশালী ভাষণবোৰ অনুকৰণীয় । বিগত 10 বছৰত আমি প্ৰায় চাৰে পাঁচ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছোঁ । আজি মাত্ৰ ১০,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ থকা অঞ্চলটোত ১৬,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে ।" তেওঁ কয় ।

"৬০ বছৰত কি নিৰ্মাণ কৰা হৈছিল ? ইয়াৰ ৬০ শতাংশ ১০ বছৰত নিৰ্মাণ কৰা হৈছে । বিগত ১০ বছৰত ৫০,০০০ কোটি টকাৰে ৪৫,০০০ কিলোমিটাৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনা নিৰ্মাণ কৰা হৈছে । সেয়া ৰাজপথৰ ক্ষেত্ৰত । যদি আপুনি ৰে'লপথলৈ লক্ষ্য কৰে, পূৰ্বতে ৰে'লপথ নিৰ্মাণৰ গতি মাহে প্ৰায় 6.5 কিলোমিটাৰ আছিল । ই এতিয়া মাহত ১৯ কিলোমিটাৰতকৈও অধিকলৈ বৃদ্ধি পাইছে । বিগত 10 বছৰত 2,000 কিলোমিটাৰ ৰে'লপথ নিৰ্মাণ কৰা হৈছে ।" সিন্ধিয়াই লগতে কয় ।

লগতে পঢ়ক :ক্ৰমাৎ উন্নত হৈছে প্ৰবীণ বিজেপি নেতা এল কে আদৱানীৰ স্বাস্থ্য - VETERAN BJP LEADER LK ADVANI
লগতে পঢ়ক :এইখন বিধেয়কে সংবিধানৰ নীতি উলংঘা কৰিছে: গৌৰৱ গগৈ - ONE NATION ONE ELECTION BILL

ABOUT THE AUTHOR

...view details