ETV Bharat / bharat

ক্ৰমাৎ উন্নত হৈছে প্ৰবীণ বিজেপি নেতা এল কে আদৱানীৰ স্বাস্থ্য - VETERAN BJP LEADER LK ADVANI

শীঘ্ৰে আই চি ইউৰ পৰা স্থানান্তৰিত কৰা হ'ব প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকীক ৷

Veteran BJP leader LK Advani shows gradual improvement, likely to be shifted from ICU
স্বাস্থ্যৰ উন্নতি হৈছে বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানীৰ স্বাস্থ্যৰ (ETV Bharat)
author img

By ANI

Published : Dec 17, 2024, 9:36 PM IST

নতুন দিল্লী: ৰাষ্ট্ৰীয় ৰাজধানীৰ ইন্দ্ৰপ্ৰস্থ এপ'ল' চিকিৎসালয়ত ভৰ্তি হৈ থকা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবীণ নেতা এল কে আদৱানীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ উন্নত হোৱা বুলি প্ৰকাশ কৰিছে চিকিৎসকে । এদিন বা দুদিনৰ ভিতৰত তেওঁক ইনটেঞ্চিভ কেয়াৰ ইউনিট (আই চি ইউ)ৰ পৰা স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে । মঙলবাৰে এক বিজ্ঞপ্তিত চিকিৎসালয় কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে ।

ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকী ১২ ডিচেম্বৰৰ পৰা আই চি ইউত ডাঃ বিনীত চুৰীৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে । চিকিৎসালয়ৰ এক বিবৃতিয়ে নিশ্চিত কৰিছে যে তেওঁৰ স্বাস্থ্যৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকসকলে ইংগিত দিছে যে তেওঁক অহা এদিন বা দুদিনৰ ভিতৰত আই চি ইউৰ পৰা স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি, "ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী এল কে আদৱানীজীয়ে ১২ ডিচেম্বৰৰ পৰা ইন্দ্ৰপ্ৰস্থ এপ'ল' চিকিৎসালয়ৰ আই চি ইউত ডাঃ বিনীত চুৰীৰ তত্বাৱধানত আছে । তেওঁৰ স্বাস্থ্যৰ অৱস্থাই ক্ৰমান্বয়ে উন্নতি দেখুৱাইছে । তেওঁৰ স্বাস্থ্যৰ অগ্ৰগতিৰ ওপৰত আধাৰ কৰি তেওঁক অহা এদিন বা দুদিনৰ ভিতৰত আই চি ইউৰ পৰা স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।"

বিগত শনিবাৰে প্ৰবীণ বিজেপি নেতাগৰাকীক চিকিৎসাৰ বাবে দেশৰ ৰাজধানীৰ ইন্দ্ৰপ্ৰস্থ এপ'ল' চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে ৯৭ বছৰীয়া নেতাজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু পৰ্যবেক্ষণত আছে ।

উল্লেখ্য যে এই বছৰৰ আগষ্ট মাহত আদৱানীক নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে ইন্দ্ৰপ্ৰস্থ এপ'ল' চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পূৰ্বে এই বছৰৰ আৰম্ভণিতে তেওঁক এইমছত ভৰ্তি কৰোৱা হৈছিল, য'ত ৰাতিটোৰ পৰ্যৱেক্ষণৰ পিছত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল ।

আদৱানীক এই বছৰৰ মাৰ্চত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে "ভাৰত ৰত্ন" প্ৰদান কৰিছিল । ১৯২৭ চনৰ ৮ নৱেম্বৰত কৰাচীত (বৰ্তমানৰ পাকিস্তান) জন্মগ্ৰহণ কৰা আদৱানীয়ে ১৯৪২ চনত স্বয়ংসেৱক হিচাপে আৰ এছ এছত যোগদান কৰে । তেওঁ ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈ, ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ আৰু ২০০৪ চনৰ পৰা ২০০৫ চনলৈ বিজেপিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক: বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক পুনৰ চিকিৎসালয়ত ভৰ্তি - Lal Krishna Advani hospitalised - LAL KRISHNA ADVANI HOSPITALISED

৯৬ বছৰীয়া লাল কৃষ্ণ আদৱানীক পুনৰ চিকিৎসালয়ত ভৰ্তি - Lal Krishna Advani hospitalised - LAL KRISHNA ADVANI HOSPITALISED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.