ETV Bharat / state

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা - ASSAMESE POET SAMEER TANTI

‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কবিতা পুথিখনৰ বাবে সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা ।

Assamese poet Sameer Tanti
বিশিষ্ট কবি-সাহিত্যিক সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 4:20 PM IST

গুৱাহাটী: বছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কবিতা পুথিখনৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে । বিশিষ্ট কথাশিল্পীগৰাকীলৈ আগবঢ়োৱা এই সম্মানে অসমৰ সাহিত্য জগতলৈ আনন্দৰ বাৰ্তা কঢ়িয়া‌ই আনিছে ।

বঁটা ঘোষণাৰ পিছত বিশিষ্ট কবিগৰাকীয়ে গুৱাহাটীত সাংবাদিকৰ আগত কয় যে, ২০১৮ চনত ‘ফৰিংবোৰে বাটৰ কথা জানে’ কবিতা পুথিখন লিখা হৈছিল । ২০২১ চনত কবিতা পুথিখন প্ৰকাশ হোৱাৰ পিছত ২০২২ চনত এই কবিতা পুথিখন উন্মোচন কৰা হৈছিল । তেওঁ লগতে কয় যে ১৯৮৭ চনত তেওঁ পৰ্যটন বিভাগৰ কেবাগৰাকী বিষয়াৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন ভ্ৰমণৰ সুযোগ পাইছিল । এই ভ্ৰমণকালত লাভ কৰা বিভিন্ন অভিজ্ঞতা আৰু অনুভৱৰ পৰা কবিতাবোৰ লিখিছিল । পিছত সুদীৰ্ঘকাল এইবোৰ সংশোধিত আৰু পৰিমাৰ্জিত কৰি কবিতা পুথি আকাৰে প্ৰকাশ কৰা হয় । কবিতাবোৰত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা, ৰাজনৈতিক বিষয় আৰু উগ্ৰপন্থাৰ সমস্যা আদি দিশবোৰ প্ৰতিফলিত হৈছে ।

ইফালে এই বঁটা লাভ সন্দৰ্ভত সমীৰ তাঁতীয়ে কয়, "লেখকে কোনো প্ৰাপ্তিৰ বাবে সৃষ্টি নকৰে । বিশাল জনগণৰ স্বপ্ন, বিষাদ, আনন্দ, হাঁহি, কান্দোন আদি তুলি ধৰি মানৱতাৰ বাবে সৃষ্টি কৰে ।"

উল্লেখ্য যে, ১৯৭৯ চনত 'নাগৰিক' কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পায় । বৰ্তমানলৈকে সমীৰ তাঁতীৰ কেবাখনো কবিতাপুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ দুখন অনুদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ সম্পাদনাৰে দুখন গল্প সংকলন প্ৰকাশ পাইছে । যুদ্ধভূমিৰ কবিতা (১৯৮৫), শোকাকুল উপত্যকা (১৯৯৩), সময় শব্দ সপোন (১৯৯৬), কদম ফুলাৰ ৰাতি (২০০১) আদি তেওঁৰ প্ৰকাশিত উল্লেখযোগ্য কবিতা সংকলন । তেওঁৰ দুখন কবিতা পুথি ‘বিগলিত প্ৰাৰ্থনা’, ‘ল’গ পাম ক’ৰবাত এদিন’ শেহতীয়াকৈ প্ৰকাশ পাইছে ।

২০১২ চনৰ নৱেম্বৰত সমীৰ তাঁতীক ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল । উইলিয়ামছনছ মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটাও তেওঁক প্ৰদান কৰা হৈছিল ।

১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বিহৰা চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল সমীৰ তাঁতীয়ে । তেওঁৰ পিতৃ আছিল চাহ শ্ৰমিক কৰ্ণ তাঁতী আৰু মাতৃ নোৱাগ'ৰ তাঁতী । কৰ্ণ তাঁতী ১৯৩৭ চনতে ওড়িশাৰ কালাহান্দিৰ পৰা অসমলৈ আহিছিল ।

সমীৰ তাঁতীয়ে এজন ওড়িয়া শিক্ষকৰ ওচৰত শিক্ষা জীৱনৰ পাতনি মেলে । এবছৰমানৰ পিছত তেওঁ বিহৰাৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে । দুবছৰমান সেইখন বিদ্যালয়ত পঢ়াৰ পিছত তেওঁ অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে । ১৯৭৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে তেওঁ উত্তীৰ্ণ হয় । ১৯৮৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । ১৯৮০ চনত তেখেত লিলিবন কলিতাৰ লগত বিবাশপাশত আবদ্ধ হয় ।

হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত ‘সাদিনীয়া নাগৰিক’ কাকতত উপ-সম্পাদক হিচাপে সমীৰ তাঁতীয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল । তাৰ পিছত তেওঁ ‘দ্য ছেণ্টিনেল’ কাকতত আৰ্হিকাকত চাওঁতা হিচাপে কাম কৰে । পৰৱৰ্তী সময়ত তেওঁ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অনুবাদক, শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা, খানাপাৰাৰ গণেশ মন্দিৰ বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । অসম চৰকাৰৰ পৰ্যটন বিভাগৰ জ্যেষ্ঠ পৰ্যটন অনুসন্ধান বিষয়াৰূপে অৱসৰ গ্ৰহণ কৰে সমীৰ তাঁতীয়ে ।

লগতে পঢ়ক: মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ বঁটাটি মোৰ বাবে অস্কাৰতকৈও বেছি মূল্যৱান: সীমা বিশ্বাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.