ETV Bharat / bharat

জে’লৰ পৰা হাস্পতাললৈ যাত্ৰা আশাৰাম বাপুৰ - ASARAM BAPU GETS 7 DAY PAROLE

আশাৰাম বাপুৰ ১৭ দিনৰ পেৰ’লত অনুমোদন ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে পুনেলৈ নিয়া হৈছে আশাৰামক ৷

ASARAM TREATMENT
জে’লৰ পৰা হাস্পতাললৈ যাত্ৰা আশাৰাম বাপুৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

যোধপুৰ (ৰাজস্থান) : ৰাজস্থান উচ্চ ন্যায়ালয়ে তৃতীয়বাৰৰ বাবে আশাৰাম বাপুক পেৰ’ল দিছে । সম্প্ৰতি যোধপুৰ কাৰাগাৰত আজীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপুক লৈ বুধবাৰে ৰাতানাদা আৰক্ষী থানাৰ বিষয়া বিমানযোগে পুনেলৈ ৰাওনা হয় । পুনেৰ মাধৱবাগ আয়ুৰ্বেদিক চিকিৎসালয়ত চিকিৎসা কৰা হ’ব আশাৰামক । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এখন এম্বুলেন্সত আশাৰাম বাপুক বিমানবন্দৰলৈ অনা হয় ।

ৰাজস্থান উচ্চ ন্যায়ালয়ে তৃতীয়বাৰৰ বাবে আশাৰাম বাপুক ১৭ দিনৰ পেৰ’ল দিছে । আশাৰামৰ লগত যাব আৰক্ষী জোৱান । আৰক্ষী জোৱানৰ বাহিৰে তেওঁক কাকো লগ কৰিবলৈ দিয়া নহ’ব । ৰাজস্থান উচ্চ ন্যায়ালয়ে ১৫ ডিচেম্বৰত আশাৰাম বাপুৰ ১৭ দিনৰ পেৰ’লত অনুমোদন জনাইছে । ইয়াৰ পূৰ্বে ৭ নৱেম্বৰত যোধপুৰৰ এখন ব্যক্তিগত আয়ুৰ্বেদিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ৩০ দিনৰ পেৰ’ল দিয়া হৈছিল ৷ তাৰ পূৰ্বে আগষ্ট মাহত প্ৰথম ৭ দিনৰ পেৰ’ল দিয়া হৈছিল । সেই সময়তো তেওঁক চিকিৎসাৰ বাবে পুনেলৈ নিয়া হৈছিল ।

চিকিৎসালয়ৰ পৰা পোনে পোনে বিমানবন্দৰলৈ অনা হয় আশাৰাম বাপুক: পূৰ্বৰ দৰে নিৰাপত্তা আৰু ভক্তৰ সন্দৰ্ভত জাৰি কৰা নিয়ম আশাৰাম বাপুৱে মানি চলিব লাগিব বুলি উচ্চ ন্যায়ালয়ে পেৰ’লৰ আদেশত স্পষ্ট কৰি দিয়ে । ইয়াৰ সমান্তৰালকৈ তেওঁ যাতায়ত আৰু আৰক্ষীৰ নিৰাপত্তাৰ সকলো খৰচ বহন কৰিব লাগিব ৷ কিন্তু এইবাৰ আদালতে তেওঁ কিছু সকাহ দি কয় যে মহাৰাষ্ট্ৰলৈ যাবলৈ তেওঁ যোধপুৰত ভৰ্তি হোৱা ব্যক্তিগত চিকিৎসালয়ৰ পৰা পোনে পোনে বিমানবন্দৰলৈ যাব, জেললৈ গৈ বিমানবন্দৰলৈ যাব নালাগিব ।

লগতে পঢ়ক: ক্ৰমাৎ উন্নত হৈছে প্ৰবীণ বিজেপি নেতা এল কে আদৱানীৰ স্বাস্থ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.