নিউজ ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী :বুধবাৰৰ পৰা আৰম্ভ হ’ল মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন ৷ আনহাতে, আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব 2024 বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট ৷ দিনৰ প্ৰায় 11 বজাত সংসদত বাজেট দখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে ৷ অন্তৱৰ্তীকালীন বাজেটত মহিলা সুৰক্ষাৰ লগতে অৰ্থনীতি আৰু কৃষকৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ সম্ভানা ৷
আনহাতে বুধবাৰে সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ পাচতে এক সংবাদমেল সম্বোধন কৰি বাজেটৰ সন্দৰ্ভত কিছু তথ্য জানিবলৈ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তেওঁ উল্লেখ কৰিছিল মহিলা সুৰক্ষাৰ লগতে অৰ্থনীতি আৰু কৃষকৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ কথা ৷
ইফালে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিবলগীয়া অন্তৱৰ্তীকালীন বাজেটখনক নিৰ্বাচনকেন্দ্ৰিক বাজেট হ'ব বুলিও বিৰোধীয়ে সমালোচনা কৰিছে ৷ লগতে চৰকাৰক নিবনুৱা সমস্যা, মণিপুৰ গোষ্ঠীসংঘৰ্ষৰ সন্দৰ্ভত চৰকাৰে লোৱা পদক্ষেসমূহৰ বিষয়ে সংসদত আলোচনাৰ বাবে দাবী উত্থাপন কৰিব বুলিও জানিব পৰা গৈছে ৷