নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী :দিল্লীৰ পাটিয়ালা হাউচ আদালতে নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইছ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা ১৭ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে । অতিৰিক্ত সত্ৰ ন্যায়াধীশ হৰদীপ কৌৰে এই সন্দৰ্ভত ৰায় প্ৰদান কৰে । সোমবাৰে প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা সমাপ্ত হৈছিল । পিচত দুয়োকে আদালতত হাজিৰ কৰোৱা হয় । ২০ জানুৱাৰীত আদালতে তেওঁলোক দুয়োৰে ন্যায়িক জিম্মা ২৯ জানুৱাৰীলৈ বৃদ্ধি কৰিছিল ।
২০২৩ চনৰ ২২ ডিচেম্বৰত আদালতে তেওঁলোক দুয়োকে ২০ জানুৱাৰীলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । ২২ ডিচেম্বৰত আদালতে নিউজ ক্লিকৰ বিৰুদ্ধে ইউএপিএ-ৰ অধীনত অভিযোগৰ তদন্ত কৰিবলৈ দিল্লী আৰক্ষীৰ বিশেষ কোষক অতিৰিক্ত ৬০ দিনৰ সময় দিছিল । দিল্লী আৰক্ষীয়ে কৈছিল যে বিষয়টোৰ তদন্ত কৰিবলৈ তেওঁলোকক অধিক সময়ৰ প্ৰয়োজন । দিল্লী আৰক্ষীৰ বিশেষ কোষে তদন্তৰ বাবে ৯০ দিনৰ সময় বিচাৰিছিল । ৯ জানুৱাৰীত আদালতে অমিত চক্ৰৱৰ্তীক চৰকাৰী সাক্ষী হ'বলৈ অনুমতি দিছিল ।