নিউজ ডেস্ক, ২৪ আগষ্ট : চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত শীৰ্ষত থকা ঝাৰখণ্ডৰ জামতাৰাত এইবাৰ অভিযান চলিল অসম আৰক্ষীৰ ৷ অপৰাধীৰ সন্ধানত অসম আৰক্ষীৰ এটা দল উপস্থিত হ’ল ৰাজ্যখনত ৷ গাঞ্জাৰ চোৰাং ব্যৱসায়ীৰ সন্ধানত ঝাৰখণ্ডৰ জামতাৰাত উপস্থিত হৈ অসম আৰক্ষীৰ দলটোৱে অভিযান চলায় ৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে চলায় এই অভিযান ৷
- অস্ত্ৰসহ নগদ ১২ লাখ টকা উদ্ধাৰ :
শনিবাৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে ঝাৰখণ্ডৰ নালা আৰক্ষী থানা এলেকাৰ সূৰ্যপানী গাঁৱৰ কালিপডো ভাণ্ডাৰী নামৰ লোকজনৰ বাসগৃহত অভিযান চলায় ৷ অভিযান কালত আৰক্ষীৰ দলটোৱে পিষ্টল, এয়াৰ গান আৰু ৯ টা সজীৱ কাৰ্ট্ৰিজসহ ১২.৮০ লাখ টকা নগদ ধন উদ্ধাৰ কৰে ৷ আৰক্ষীৰ অভিযানৰ খবৰ পাই অভিযুক্তই ঘৰৰ পৰা পলায়ন কৰে ৷ পলাতক অভিযুক্তক বিচাৰি অপৰাধ শাখাৰ দলটোৱে অভিযান অব্যাহত ৰাখিছে ৷
- গোচৰ ৰুজু হৈছিল গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাত :
আৰক্ষীয়ে জনোৱা অনুসৰি, এন ডি পি এছ আইনৰ অধীনত গুৱাহাটী মহানগৰ আৰক্ষীয়ে 3/24 নম্বৰত এক গোচৰ ৰুজু কৰিছিল ৷ ১০২০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ পিচতে NDPS act 1985ৰ 8c/20 9(b), 25/29 ধাৰাৰ অধীনত গোচৰটো ৰুজু কৰা হৈছিল ৷ উক্ত গোচৰৰ অভিযুক্ত আছিল ঝাৰখণ্ডৰ নালা আৰক্ষী থানাৰ অন্তৰ্গত সূৰ্যপানী গাঁৱৰ বাসিন্দা কালিপডো ভাণ্ডাৰী ৷ সেই অনুসৰি গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ দলটো শনিবাৰে কালিপডো ভাণ্ডাৰীৰ সন্ধানত ঝাৰখণ্ডত উপস্থিত হয় ৷
- জামতাৰাৰ আৰক্ষী অধীক্ষকে কি ক’লে ?
সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তথ্য প্ৰদান কৰি জামতাৰাৰ আৰক্ষী অধীক্ষক অনিমেষ নাইথানীয়ে কয় যে ১০২০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰৰ পিচতে গুৱাহাটী এন চি বি অপৰাধ শাখাত পঞ্জীয়ন হোৱা গোচৰটোৰ সন্দৰ্ভত অসম আৰক্ষীৰ দলটো শনিবাৰে কালিপডো ভাণ্ডাৰীৰ সন্ধানত ইয়াত উপস্থিত হয় ৷