বিশেষ প্ৰতিবেদন, 20 মে’:প্ৰতি বছৰে 21 মে'ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে পালন কৰা হয় ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস ৷ প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসনৰ বাঘজৰী চম্ভালি লোৱা ৰাজীৱ গান্ধীক 1991 চনৰ 21 মে'ত হত্যা কৰা হৈছিল । সেয়েহে সন্ত্ৰাসবাদ নিৰ্মূল কৰা আৰু শান্তি-সম্প্ৰীতি বৃদ্ধিত অৰিহণা যোগোৱাৰ উদ্দেশ্যে এই দিনটো পালন কৰা হয় ৷
সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ ইতিহাস :
ভাৰতত21 মে'ৰ দিনটো ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয় ৷ কিয়নো এই দিনটোতে 1991 চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যা কৰা হৈছিল ৷ যি ঘটনাই জোকাৰি গৈছিল সমগ্ৰ বিশ্ব ।
ৰাজীৱ গান্ধীক নিশা 10.20 বজাত চেন্নাইৰ পৰা প্ৰায় 50 কিল’মিটাৰ দূৰত্বত শ্ৰীপেৰুম্বুদুৰত লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম(এলটিটিই) ৰ এজন আত্মঘাতী বোমাৰুৱে এক নিৰ্বাচনী জনসভাত হত্যা কৰে । আত্মঘাতী বোমাৰুজনে এটা বেল্ট বোমা ব্যৱহাৰ কৰিছিল ৷ যাৰ ফলত ৰাজীৱ গান্ধীৰ লগতে আন 16 জন লোক মৃত্যুমুখত পৰে ৷
ৰাজীৱ গান্ধীক কিয় হত্যা কৰা হৈছিল?
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি, ৰাজীৱ গান্ধীৰ প্ৰতি এলটিটিইৰ মুৰব্বী প্ৰভাকৰণৰ ব্যক্তিগত বিদ্বেষৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছিল । ৰাজীৱ গান্ধীৰ হত্যাক টাডা আইনৰ অধীনত সন্ত্ৰাসবাদী কাৰ্য বুলি গণ্য কৰা হোৱা নাই, কিয়নো এই ঘটনাৰ প্ৰমাণ আৰু হত্যাকাৰীৰ পৰিকল্পনাই এয়া স্পষ্ট কৰিছিল যে, তেওঁলোকে ৰাজীৱ গান্ধীৰ বাহিৰে আন কোনো ভাৰতীয় নাগৰিকৰ মৃত্যু বিচৰা নাছিল ।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ :
সন্ত্ৰাসবাদ কেৱল এটা শব্দ নহয়, ই মানৱতা আৰু বিশ্ব শান্তিৰ প্ৰতি এক ভাবুকি । ভাৰতে স্বাধীনতাৰ পিছৰে পৰা সন্ত্ৰাসবাদমূলক কাৰ্যৰ সৈতে মোকাবিলা কৰি আহিছে । ভাৰতত সন্ত্ৰাসবাদৰ ইতিহাস 1980 ৰ দশকত পঞ্জাৱৰ খালিস্তান আন্দোলনৰ পৰা পোৱা যায় ।
ভাৰতৰ স্বাধীনতাৰ পিছত শিখসকলৰ দ্বাৰা পৃথক ৰাজ্যৰ দাবীৰ ফলত পঞ্জাৱ গঠন হয় । যেতিয়া সন্ত্ৰাসবাদীয়ে পৃথক 'খালিস্তান'ৰ দাবী কৰিছিল, তেতিয়া এইটো আৰু অধিক পৰিমাণে বৃদ্ধি পাইছিল । খালিস্তান বিষয়টোৰ ফলস্বৰূপে অমৃতসৰত অপাৰেচন ব্লু ষ্টাৰ, তাৰ পিছত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যা, কেইবাটাও ৰাজনৈতিক হত্যা আৰু হাজাৰ হাজাৰ শিখ আৰু অন্যান্য লোকক দাংগাত হত্যা কৰা হৈছিল ।
পঞ্জাৱৰ পিছত কাশ্মীৰত আশীৰ দশকৰ শেষৰফালে পাকিস্তান সমৰ্থিত ভাৰত বিৰোধী বিচ্ছিন্নতাবাদী সংগঠনৰ দ্বাৰা সন্ত্ৰাসবাদ আৰম্ভ হৈছিল । সন্ত্ৰাসবাদী গোটবোৰ মুখ্যতঃ পাকিস্তান অধিকৃত কাশ্মীৰৰ (পিঅ'কে) মদদপুষ্ট আৰু পৰিচালনাত আছিল ।
কাশ্মীৰত সন্ত্ৰাসবাদ এল ই টি, জে ই এম, হিজবুল মুজাহিদীন আদি গোটৰ দ্বাৰা বিয়পোৱা হৈছিল । এল ই টি 2001 আৰু 2008 চনত ক্ৰমে ভাৰতীয় সংসদ আক্ৰমণ আৰু মুম্বাই আক্ৰমণৰ ঘটনাত জড়িত আছিল । সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই । ই এক আন্তৰ্জাতিক সমস্যা হৈ পৰিছে । এতিয়া প্ৰায় সকলো দেশে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰি আছে ।
ভাৰতত বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ:
পুলৱামা আক্ৰমণ 2019
উৰি আক্ৰমণ 2016
26/11 ৰ মুম্বাই আক্ৰমণ 2008
জয়পুৰ বিস্ফোৰণ 2008
মুম্বাই ৰে’ল বোমা বিস্ফোৰণ 2006
দিল্লী বোমা বিস্ফোৰণ 2005
সংসদ ভৱনত আক্ৰমণ 2001
বোম্বাই (বৰ্তমানৰ মুম্বাই) বিস্ফোৰণ 1993
2024 চনত গোলকীয় সন্ত্ৰাসবাদ সূচক ৰেংকিং:
ভাৰতে বিশ্বব্যাপী সন্ত্ৰাসবাদৰ তালিকাত থকা স্থানৰ উন্নীতকৰণ অব্যাহত ৰাখিছে ৷ তথাপিও দক্ষিণ-এছিয়া বিশ্বৰ সন্ত্ৰাসবাদৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত অঞ্চল হৈ আছে । গ্লোবেল টেৰ’ৰিজম ইণ্ডেক্স 2024 (জিটিআই) অনুসৰি, ভাৰতত সন্ত্ৰাসবাদৰ ফলত হোৱা মৃত্যুৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ।