নেশ্যনেল ডেস্ক, 14 মে’ :প্ৰথমটো ধূলিৰ ধুমুহাই সোমবাৰে মায়া নগৰী মুম্বাইলৈ কঢ়িয়াই আনিলে দুৰ্যোগ । ধূলিৰ ধুমুহাত ঘাটকোপাৰত দুটাকৈ দুৰ্ঘটনা সংঘটিত হয় । ঘাটকোপাৰত ধুমুহাৰ ফলত হৰ্ডিং খহি পৰাত হোৱা মৃত্যুৰ সংখ্যা ১৪ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে আহত হৈছে ৮৮ জন । মুম্বাই পৌৰ নিগমৰ তথ্য অনুসৰি ইয়াৰে এজনৰ অৱস্থা সংকটজনক ৷
ইফালে ৩১জন আহতক ঘৰলৈ যাবলৈ দিয়া হৈছে । আনহাতে এন ডি আৰ এফৰ দল সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে শোক প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ঘটনাটোত নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে কয়, "মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত হৰ্ডিং খহি পৰাৰ ফলত বহুলোকৰ প্ৰাণ হেৰুওৱাৰ খবৰ অতি দুখজনক । মই শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো । মই আঘাতপ্ৰাপ্ত লোকসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু সাহায্য আৰু উদ্ধাৰ অভিযানত সফলতা কামনা কৰিছো ৷"
উপ ৰাষ্ট্ৰপতি ধনখৰে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ৷ উপ ৰাষ্ট্ৰপতি ধনখৰে এই শোকাৱহ ঘটনাত আহত আটাইকেইজনৰে আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায় । তেওঁ টুইটাৰযোগে কয়, ‘‘মুম্বাইৰ ঘাটকোপাৰত বিলবোৰ্ড পৰি যোৱা ঘটনাত মানুহৰ মৃত্যুৰ কথা জানি মই দুখী । এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা । মই আহত সকলোলোকৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।"
মুম্বাই আৰক্ষী আয়ুক্ত :মুম্বাই আৰক্ষী আয়ুক্ত বিবেক ফানছালকাৰে এক্সত পোষ্ট কৰি ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে । তেওঁ কয়, ‘‘আজি ঘাটকোপাৰত সংঘটিত হোৱা দুৰ্ভাগ্যজনক দুৰ্ঘটনাটোত আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ । মুম্বাই আৰক্ষীৰ দলটো উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । আমি নাগৰিকসকলক আশ্বাস দিছো যে এই দুৰ্ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’