অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ : চিকিৎসকসহ ৭ শ্ৰমিক নিহত; অমিত শ্বাহ-প্ৰিয়ংকা গান্ধীৰ লগতে অন্যান্যৰ কঠোৰ ব্যৱস্থাৰ আহ্বান

Militant attack: শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথত এটা সুৰংগৰ নিৰ্মাণস্থলীত সন্ত্ৰাসবাদীৰ আক্ৰমণ । শিবিৰলৈ উভতি অহা সময়তে শ্ৰমিকসকলৰ ওপৰত গুলীচালনা ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Militant attack
ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ (PTI)

শ্ৰীনগৰ : জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । শ্ৰীনাগা-লেহ ৰাষ্ট্ৰীয় ঘাইপথত এটা সুৰংগৰ নিৰ্মাণস্থলীত অচিনাক্ত সন্ত্ৰাসবাদীৰ গুলীচালনাত এগৰাকী চিকিৎসক আৰু ৬ জন শ্ৰমিক নিহত হয় । এই আক্ৰমণ দেওবাৰে সন্ধিয়া সংঘটিত হয় । কাম শেষ কৰি গুণ্ডত শিবিৰলৈ উভতি অহাৰ সময়তে শ্ৰমিকসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে ।

চিকিৎসকসহ ৭ শ্ৰমিক নিহত

প্ৰাথমিক প্ৰতিবেদন অনুসৰি দুই সন্ত্ৰাসবাদীয়ে শ্ৰমিকৰ দলটোক লক্ষ্য কৰি লৈছিল । ফলত ঘটনাস্থলীতে দুজন শ্ৰমিকৰ মৃত্যু হয় । পৰৱৰ্তী সময়ত আন ৪ জন শ্ৰমিক আৰু চিকিৎসকৰ মৃত্যু হয় । নিহতসকলক ডাঃ শ্বাহনৱাজ ফাহিম নাজিৰ, কলিম, মহম্মদ হানিফ, শশী আব্ৰল, অনিল শুক্লা আৰু গুৰমিত সিং বুলি চিনাক্ত কৰা হৈছে ।

এই আক্ৰমণত আন ৫ জন শ্ৰমিকো আহত হয় । নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু আক্ৰমণকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।

গৃহমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান চলি থকাৰ মাজতে এনে আক্ৰমণে পুনৰ এবাৰ সকলোকে উদ্বিগ্ন কৰি তুলিছে । ইফালে এই ঘটনা তীব্ৰ গৰিহণা দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াক ‘‘কাপুৰুষৰ ঘৃণনীয় কাৰ্য’’ বুলিও তেওঁ অভিহিত কৰে ।

তেওঁ আশ্বাস দিছে যে দোষীয়ে নিৰাপত্তা বাহিনীৰ তীব্ৰ প্ৰত্যুত্তৰৰ সন্মুখীন হ'ব । তেওঁ এক্সৰ এক পোষ্টত লিখিছে, "মই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।"

লেফটেনেণ্ট জেনেৰেল মনোজ সিনহাৰ প্ৰতিক্ৰিয়া

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট জেনেৰেল মনোজ সিনহাইও দোষীক শাস্তি প্ৰদানৰ ওপৰত জোৰ দিয়ে । এক্সৰ এটা পোষ্টত সিনহাই লিখিছে, "আমি জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু নিৰাপত্তা বাহিনীক ব্যৱস্থা লোৱাৰ সম্পূৰ্ণ স্বাধীনতা দিছো ।"

বিৰোধীৰ প্ৰতিক্ৰিয়া

ইফালে বিৰোধী দল কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও এই হত্যাকাণ্ডক গৰিহণা দি কয় যে নিৰীহ লোকসকলক লক্ষ্য কৰি লোৱাটো মানৱতাৰ বিৰুদ্ধে অপৰাধ । শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰি আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে ৷

তেওঁ কয়, "এনে ধৰণৰ হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশ একত্ৰিত হৈ আছে । জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়েও এই হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।’’

লগতে পঢ়ক :বাৰামুলাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

ABOUT THE AUTHOR

...view details