নিউজ ডেস্ক, 25 জানুৱাৰী :ৰামনগৰী অযোধ্যাৰ মনোজ শুক্লা হত্যাকাণ্ডৰ সন্দৰ্ভত অযোধ্যৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালত গুৰুত্বপূৰ্ণ ৰায় ৷ হত্যাকাণ্ডৰ মূল অভিযুক্তসহ 11 জন লোকক আজীৱন কাৰাদণ্ড আৰু জৰিমনা বিহে আদালতে । প্ৰায় আঠ বছৰৰ পিচত মনোজ শুক্লা পৰিয়ালে লাভ কৰিলে ন্যায় ৷ আনহাতে, গোচৰটোৰ অভিযুক্ত মনোজ মেহৰোত্ৰাক নিৰ্দোষ ঘোষণা কৰে আদালতে ৷
ঘটনাৰ সন্দৰ্ভত এ ডি জি চি প্ৰবীণ কুমাৰ সিঙে কয় যে 2019 ৰ 13 জুন তাৰিখে ৰাঘৱেন্দ্ৰ শুক্লাই কোতৱালী নগৰত এটা অভিযোগ দাখিল কৰিছিল ৷ অভিযোগতো উল্লেখ আছিল যে 2019 ৰ 12 জুনৰ নিশা 11 বজাত তেওঁৰ সৰু ভায়েক মনোজ শুক্লাই এখন হোটেলত বীৰেশ সিঙৰ সৈতে নৈশ ভোজন কৰিবলৈ গৈছিল । তাত তেওঁৰ ভায়েকক আশীষ সিঙৰ পুত্ৰ ভিপি সিঙে প্ৰহাৰ কৰিছিল আৰু অপহৰণ কৰিছিল ।
ইফালে আশীষ সিঙে তেওঁৰ সহযোগীসকলৰ সৈতে মিলি অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল মনোজক আৰু অপহৰণ কৰিছিল ৷ ঘটনাটোৰ দুদিন পিচত চুবুৰীয়া জিলা গোণ্ডাৰ মাস্কানৱা অঞ্চলৰ ৰে’লপথত মনোজৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ।