ইম্ফল: মণিপুৰ আৰক্ষীয়ে শুকুৰবাৰে কয় যে যোৱা ১৬ নৱেম্বৰত জনপ্ৰতিনিধিৰ ঘৰত অগ্নিসংযোগ আৰু সম্পত্তিৰ ক্ষতিসাধনৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত আৰু সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ দ্বাৰা এই ঘটনাত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পালে ।
X পোষ্টৰ জৰিয়তে মণিপুৰ আৰক্ষীয়ে কয়, "২০ আৰু ২১ নৱেম্বৰত কেইবাজনকো গ্ৰেপ্তাৰ কৰা হয় । যোৱা ১৬ তাৰিখে জনপ্ৰতিনিধিৰ ঘৰত অগ্নিসংযোগ আৰু সম্পত্তিৰ ক্ষতিসাধন সম্পৰ্কীয় গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে । পূৰ্বতে ২৫ জনক গ্ৰেপ্তাৰৰ কৰাৰ উপৰি বুধবাৰ আৰু বৃহস্পতিবাৰে আৰু ৭ জনক নতুনকৈ গ্ৰেপ্তাৰ কৰা হৈছে ।"
গ্ৰেপ্তাৰ কৰাসকলক ৱাহেংবাম জ্যোতিকুমাৰ সিং (২৬), খুন্দ্ৰকপাম বিক্ৰম সিং (৪১), মোনিশা নেপ্ৰম (৩১), অৰিবাম মীৰাচন্দ্ৰ শৰ্মা (৪১), এলাংবাম হাৰিচন সিং ওৰফে দাদা (৩৪), লৌৰেম্বাম নৰোজিৎ সিং ওৰফে নোনি সিং (৪০) আৰু লাইমায়ুম কেদাৰনাথ শৰ্মা (৩৭) বুলি চিনাক্ত কৰা হৈছে ।
মণিপুৰ আৰক্ষীয়ে তেওঁলোকৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম X ত লগতে কয় যে পৰৱৰ্তী তদন্ত চলি আছে । আৰক্ষীয়ে পাহাৰ আৰু উপত্যকা জিলাৰ প্ৰান্তীয় আৰু দুৰ্গম অঞ্চলত নিৰাপত্তা বাহিনীৰ দ্বাৰা অনুসন্ধান অভিযান চলোৱাৰ লগতে অঞ্চলবোৰ নিজৰ দখলত লোৱাৰ চেষ্টা কৰি আছে । আনহাতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা যান-বাহনবোৰক সুৰক্ষা প্ৰদান কৰা হৈছে ।
সকলো স্পৰ্শকাতৰ স্থানত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বাহনসমূহৰ মুক্ত আৰু সুৰক্ষিত চলাচল নিশ্চিত কৰাৰ বাবে সংবেদনশীল অঞ্চলবোৰত সুৰক্ষা ব্যৱস্থা প্ৰদান কৰা হৈছে । মণিপুৰৰ বিভিন্ন জিলাত পাহাৰ আৰু উপত্যকা দুয়োটাতে মুঠ 105 টা তালাচী/চেকপইণ্ট স্থাপন কৰা হৈছে । আনহাতে, কোনো ধৰণৰ উলংঘনৰ ঘটনাত অৱশ্যে আৰক্ষীয়ে কাকো আটক কৰা নাই ।
ইফালে কংগ্ৰেছ নেতা পি চিদাম্বৰমে ৰাজ্যখনত চলি থকা সংকটৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰক কৰা সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে । চিদাম্বৰমে এই সংকটৰ বাবে মুখ্যমন্ত্ৰীক দোষাৰোপ কৰি এটা বাৰ্তা পোষ্ট কৰিছিল । তেওঁ উল্লেখ কৰিছিল যে মণিপুৰৰ পৰিস্থিতি তেওঁৰ নেতৃত্বৰ ফল । ইয়াৰ প্ৰত্যুত্তৰত বীৰেণ সিঙে চিদাম্বৰমকে ৰাজ্যখনত চলি থকা হিংসাৰ 'মূল কাৰণ' বুলি অভিযোগ কৰে ।
ইফালে মণিপুৰৰ কেইবাজনো বিধায়কে সোমবাৰে হিংসাৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকৰ দাবীৰ কথা উল্লেখ কৰি এক প্ৰস্তাৱ গৃহীত কৰে । প্ৰস্তাৱটোত কেন্দ্ৰীয় চৰকাৰক ৰাজ্যখনত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) জাৰি কৰাৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় । বিধায়কসকলে জিৰিবামত মহিলা আৰু শিশুসহ ছয়গৰাকী লোকক হত্যা কৰাৰ অভিযোগত অভিযুক্ত কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে সাত দিনৰ ভিতৰত অভিযান চলাবলৈও দাবী জনায় ।
ইয়াৰ উপৰি প্ৰস্তাৱটোত তিনিটা গুৰুত্বপূৰ্ণ গোচৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থালৈ স্থানান্তৰ কৰাৰ আহ্বান জনোৱা হৈছে । ইয়াৰ ভিতৰত আছে ছয়জন নাগৰিকক হত্যা, এগৰাকী মহিলা জ্বলাই দিয়া আৰু এগৰাকী মহিলা কৃষকৰ হত্যাৰ তদন্ত ।
আনহাতে, শেহতীয়াকৈ উত্তেজনা বৃদ্ধি হোৱাৰ পিছত ছয়টা মৃতদেহ উদ্ধাৰ হয় । যাৰ ফলত ৰাজ্য চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সাতখন জিলাত ইণ্টাৰনেট সেৱা স্থগিত ৰাখে ।