অসম

assam

ETV Bharat / bharat

সুস্থ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী; চিকিৎসা কৰ্মীৰ নিৰীক্ষণত থাকিব মুখ্যমন্ত্ৰীগৰাকী - CM Mamata Banerjee’s Health

CM Mamata Banerjee's Health Condition: ঘৰলৈ যাবলৈ দিয়া হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৷ চিকিৎসা কৰ্মীৰ নিৰীক্ষণত থাকিব মুখ্যমন্ত্ৰীগৰাকী ৷

Mamata discharged, to be under 'close monitoring' after suffering injury on forehead, leaders wish swift recovery to Mamata Banerjee after accident
সুষ্ঠ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী; চিকিৎসা কৰ্মীৰ নিৰীক্ষণত থাকিব মুখ্যমন্ত্ৰীগৰাকী

By ANI

Published : Mar 15, 2024, 11:37 AM IST

নেশ্যনেল ডেস্ক, 15 মাৰ্চ:বৰ্তমান সুস্থ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে আগত চৰকাৰী এছ এছ কে এমৰ সঞ্চালক মণিময় বন্দ্যোপাধ্যায়ে কয়, "মমতাক চিকিৎসা গ্ৰহণৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে ।" সঞ্চালকগৰাকীয়ে কয় যে বেনাৰ্জী ঘৰত পৰি যোৱাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাত পাইছিল । বেনাৰ্জীৰ কপালত তিনিটা আৰু নাকত এটা চিলাই দিয়া হৈছিল বুলি চিকিৎসালয়ৰ সঞ্চালকগৰাকীয়ে জনায় ।

চিকিৎসালয়ৰ বাহিৰত সংবাদ মাধ্যমক সম্বোধন কৰি মণিময় বন্দ্যোপাধ্যায়ে কয়, "প্ৰথম অৱস্থাত তেওঁক HoD neurosurgery, HoD medicine আৰু আমাৰ ইনষ্টিটিউটৰ কাৰ্ডিঅ'লজিষ্ট বিভাগৰ নিৰীক্ষণত ৰখা হৈছিল । কপালত তিনিটা চিলাই আৰু নাকত এটা চিলাইৰ প্ৰয়োজন হৈছিল । ইচিজি, চিটি স্কেন আদিকে ধৰি পৰীক্ষাসমূহ কৰা হৈছিল ।"

এছ এছ কে এমৰ সঞ্চালকগৰাকীয়ে কয়, "যদিও মুখ্যমন্ত্ৰীক চিকিৎসালয়ত থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল, তথাপিও তেওঁ ঘৰলৈ যোৱাটোৱেই পছন্দ কৰিছিল ৷ নিৰীক্ষণত ৰাখিবৰ বাবে বেনাৰ্জীক ভৰ্তি হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল । মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ প্ৰতি তীক্ষ্ণ নজৰ ৰখা হ’ব আৰু চিকিৎসকৰ দলৰ পৰামৰ্শ অনুসৰি চিকিৎসা অব্যাহত থাকিব ৷ কাইলৈ পুনৰ মূল্যায়ন কৰা হ’ব আৰু সেই অনুসৰি পৰৱৰ্তী চিকিৎসাৰ সিদ্ধান্ত লোৱা হ’ব ।"

মুখ্যমন্ত্রীগৰাকীৰ ঘৰৰ সন্মুখতো বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা এআইটিএমচিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মমতা বেনাৰ্জী আশু আৰোগ্য কামনা কৰে ৷

ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই টুইটযোগে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰোগ্য কামনা কৰে ।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়েও মুখ্যমন্ত্ৰী বেনাৰ্জীৰ দ্ৰুত আৰোগ্য কামনা কৰে ৷

লগতে পঢ়ক:গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মমতা বেনাৰ্জী চিকিৎসাধীন

ABOUT THE AUTHOR

...view details