নিউজ ডেস্ক, ১৮ জুলাই: বুধবাৰে বিয়লি মহাৰাষ্ট্ৰৰ গাডচিৰোলিত আৰক্ষী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ সন্ধিয়ালৈকে ৬ ঘণ্টাৰো অধিক সময় এই এনকাউণ্টাৰ অব্যাহত থাকে । এই এনকাউণ্টাৰত কমেও ১২ জন মাওবাদী নিহত হৈছে আৰু তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে ।
চৰকাৰী সূত্ৰ অনুসৰি ইন্টালা গাঁৱৰ সমীপত প্ৰায় ১২-১৫ জন নক্সালবাদীয়ে শিবিৰ পাতি আছিল । এই তথ্য লাভ কৰাৰ পিচতে পুৱা ১০ বজাত গাডচিৰোলিৰ পৰা নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে । ইয়াৰ মাজতে ৱাণ্ডোলি গাঁৱৰ ছত্তীশগড় সীমান্তৰ সমীপত উপ আৰক্ষী অধীক্ষকৰ (অপাৰেচন) নেতৃত্বত মহাৰাষ্ট্ৰ আৰক্ষীৰ চি ৬০ বাহিনীক প্ৰেৰণ কৰা হয় । এই পৰ্যন্ত ৩ টা AK47, ২টা INSAS, ১টা কাৰবাইন, ১টা SLRকে ধৰি ৭ টা স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ জব্দ কৰা হৈছে ।
নিহত নক্সালসকলৰ ভিতৰত এজন ডিভিচিএম লক্ষ্মণ আত্ৰম, বিশাল আত্ৰম, যি টিপাগড় দলামৰ দায়িত্বত আছিল । বাকী কেইজন মাওবাদীক চিনাক্ত কৰাৰ বাবে অধিক প্ৰচেষ্টা অব্যাহত আছে ।
৫১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা:এই সংঘৰ্ষত আহত হয় এজন পি এছ আই আৰু চি-৬০ বাহিনীৰ এজন জোৱান । কিন্তু তেওঁলোক বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে । উন্নত চিকিৎসাৰ বাবে নাগপুৰলৈ স্থানান্তৰ কৰা হয় জোৱান দুজনক । মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু গাডচিৰোলিৰ অভিভাৱক মন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে নগদ ৫১ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে ।