নিউজ ডেস্ক, ৮ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱক লৈ সকলোতে এতিয়া বৈছে উছাহৰ ঢল ৷ সমাগত দুৰ্গা পূজাক লৈ শিশুৰ পৰা আবাল বৃদ্ধ বণিতালৈ কাৰোৰে যেন এতিয়া আহৰি নাই ৷ প্ৰান্তে প্ৰান্তে গুঞ্জৰিত এতিয়া দেৱী বন্দনা ৷ সমান্তৰালকৈ বিভিন্ন ঠাইত দেৱীৰ আৰাধনাৰ বাবে সাজু পূজাথলীসমূহ ৷ বাৰেৰহণীয়া সংস্কৃতিৰ চানেকি, শান্তি-সম্প্ৰীতি তথা সামাজিক বাৰ্তাক ভিত্তি কৰি পূজা সমিতিসমূহে সাজি উলিয়াইছে বিভিন্ন আকৰ্ষণীয় আৰ্হিৰ পূজা মণ্ডপ, যিবোৰৰ আটকধুনীয়া সাজ-সজ্জা তথা আলোকশিল্পই দৰ্শনাৰ্থীৰ মন মুহিবলৈ সাজু হৈছে ৷
আজি আমি আপোনালোকক তেনে এখন বিশেষ আৰ্হিৰ মণ্ডপলৈ লৈ যাব খুজিছো ৷ এই বিশেষ মণ্ডপ এই কাৰণেই বিশেষ কাৰণ ই তুলি ধৰিছে অসমৰ বৈচিত্র্য, শিল্প আৰু সংস্কৃতিক ৷ অসমৰ সাংস্কৃতিক পৰম্পৰাৰ অন্যতম চানেকি জাপিক আৰ্হি হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই বিশেষ পূজা মণ্ডপ ৷ লগতে ইয়াত সন্নিবিষ্ট হৈছে অসমীয়া কৃষ্টি-সংস্কৃতিৰ অভিন্ন অংগবোৰ ৷
পিচে এই বিশেষ মণ্ডপটোনো ক’ত আছে সেয়া জানিবলৈ নিশ্চয় আপোনাৰ মন নোযোৱাকৈ থকা নাই ৷ আচলতে অসম আৰ্হিৰ আধাৰত এই বিশেষ পূজাথলী চাবলৈ হ’লে আপুনি যাবলৈ লাগিব চুবুৰীয়া ৰাজ্য পশ্চিম বংগলৈ ৷
অসমৰ সাংস্কৃতিক পটভূমিক দাঙি ধৰা এই বিশেষ পেণ্ডেলটো সাজি উলিওৱা হৈছে পশ্চিম বংগৰ জলপাইগুৰিত ৷ চহৰখনৰ মহুৰিপাৰা পূজা মণ্ডপৰ এই বছৰৰ বিষয়বস্তু হৈছে অসম । যেতিয়া আপুনি এই পেণ্ডেলটোত প্ৰৱেশ কৰিব, আপুনি হঠাতে অনুভৱ কৰিব যে আপুনি চুবুৰীয়া ৰাজ্যত নহয়, অসমতে আছে ।
জলপাইগুৰিৰ মহুৰিপাৰাৰ এই সার্বজনীন দুৰ্গা পূজাত মা দুৰ্গা যেন নিজেই অসমৰ পৰা আহিছে । মাৰ পৰিধানত অসমীয়া মেখেলা-চাদৰ ৷ একেদৰে মহিষাসুৰৰ পিন্ধনত ধূতি আৰু মূৰত অসমীয়া গামোচা ৷ দেৱী দুৰ্গাৰ দুই কন্যা দেৱী সৰস্বতী আৰু দেৱী লক্ষ্মীও মেখেলাৰ সাজেৰে সজ্জিত ৷ হাতত অসমীয়া প্ৰাণৰ জাপি ৷ সুদৰ্শন কাৰ্তিক-গণেশো সাজি উঠিছে অসমীয়া সাজপাৰ পৰিধান কৰি ৷ এইদৰেই অসমৰ পৰেশেৰে প্ৰাণ পাই উঠিছে প্ৰতিৱেশী বংগ ৰাজ্যৰ এই ব্যতিক্ৰমধৰ্মী পূজা ৷ যাৰ প্ৰতিটো চুকে-কোণে আমোলমোলাই আছে অসমীয়াৰ স্বাভিমানৰ ঘ্ৰাণ ৷