অসম

assam

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত বংগত সৰ্বোচ্চ আৰু জম্মু-কাশ্মীৰত সৰ্বনিম্ন ভোটদান - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : May 13, 2024, 10:46 PM IST

Lok Sabha Election 2024 Phase 4 : সোমবাৰে দেশৰ নখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৬ খন আসনত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ হয় । আনহাতে, অন্ধ্ৰপ্ৰদেশৰ ১৭৫ খন বিধানসভা আসন আৰু ওড়িশাৰ ২৮ খন বিধানসভা আসনৰ বাবেও ভোটগ্ৰহণ অনুষ্ঠিত হয় ।

Lok Sabha Election 2024 Phase 4
লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত বংগত ভোটদানৰ হাৰ সৰ্বোচ্চ (ETV Bharat)

নিউজ ডেস্ক, ১৩ মে' :সোমবাৰে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত হয় । এই পৰ্যায়ত নখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৬ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হয় । এই আসনকেইখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ১,৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে ইভিএমত বন্দী হৈছে । উল্লেখ্য যে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৬ বজাত অন্ত পৰে । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, সন্ধিয়া 7 বজালৈকে সকলো আসন মিলাই গড়ে 62.80 শতাংশ ভোটদান হয় । পশ্চিমবংগত সৰ্বাধিক ভোটদানৰ হাৰ ৭৫.৯৪ শতাংশ আৰু জম্মু-কাশ্মীৰত সৰ্বনিম্ন ৩৬.৫৮ শতাংশ ভোটদান হয় । আনহাতে, চতুৰ্থ পৰ্যায়তে অন্ধ্ৰপ্ৰদেশৰ মুঠ 175 খন বিধানসভা আসন আৰু ওড়িশাৰ 28 খন বিধানসভা আসনৰ বাবেও ভোটগ্ৰহণ অনুষ্ঠিত হয় ।

সন্ধিয়া 7 বজালৈকে ৰাজ্যসমূহত ভোটদানৰ শতাংশ

ৰাজ্য আসন সংখ্যা ভোটদানৰ হাৰ
অন্ধ্ৰপ্ৰদেশ 25 68.12
বিহাৰ 5 55.90
জম্মু-কাশ্মীৰ 1 36.58
ঝাৰখণ্ড 4 63.37
মধ্যপ্ৰদেশ 8 68.53
মহাৰাষ্ট্ৰ 11 52.63
ওড়িশা 4 63.85
তেলেংগানা 17 61.32
উত্তৰ প্ৰদেশ 13 57.87
পশ্চিমবংগ 8 75.94

চতুৰ্থ পৰ্যায়ত মোডী চৰকাৰৰ পাঁচগৰাকী মন্ত্ৰী গিৰিৰাজ সিং (বেগুচৰাই), অজয় মিশ্ৰ টেনি (খেৰী), জি কিষাণ ৰেড্ডী (চেকেন্দ্ৰাবাদ), নিত্যানন্দ ৰায় (উজিয়াৰপুৰ) আৰু অৰ্জুন মাণ্ডাৰ (খুণ্টি) লগতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ (কনৌজ), এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইচি (হায়দৰাবাদ), অভিনেতা শত্ৰুঘ্ন সিনহা (আছানচোল), প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান (বেহৰামপুৰ), মাধৱী লতা (হায়দৰাবাদ), ৱাইএছ শৰ্মিলা (কাডাপা), মহুৱা মৈত্ৰৰ (কৃষ্ণনগৰ) দৰে জ্যেষ্ঠ প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হৈছে ।

ইফালে ভোটগ্ৰহণৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ বাবে ওড়িশাৰ গঞ্জাম জিলাত তিনিজন নিৰ্বাচনী বিষয়াক নিলম্বন কৰা হৈছে । ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই আৰক্ষীক তিনিজন বিষয়াৰ মাজৰ দুজনক 'কৰ্তব্যত গুৰুতৰ অৱহেলা'ৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈও নিৰ্দেশ দিয়ে । গোপালপুৰ বিধানসভা সমষ্টিৰ ১৯৩ নম্বৰ ভোটকেন্দ্ৰৰ প্ৰিজাইডিং বিষয়াজনক নিলম্বন কৰা হৈছে । ইয়াৰ উপৰি ছত্ৰপুৰ বিধানসভা সমষ্টিত ২৭ আৰু ১৬৩ নম্বৰ বুথৰ প্ৰিজাইডিং বিষয়াকেইজনকো নিলম্বন কৰা হৈছে আৰু দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে এতিয়ালৈকে চাৰিটা পৰ্যায়ত মুঠ 543 খন লোকসভা আসনৰ ভিতৰত 380 খনত নিৰ্বাচন সম্পূৰ্ণ হৈছে । ইয়াৰ ভিতৰত আছে গুজৰাটৰ চুৰাট লোকসভা আসন, য'ৰ পৰা বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে । প্ৰথম পৰ্যায়ত 102 খন আসনৰ বাবে, দ্বিতীয় পৰ্যায়ত 88 খনত আৰু তৃতীয় পৰ্যায়ত 93 খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :10 ৰাজ্যৰ 96 টা সমষ্টিত ভোটগ্ৰহণ; সন্ধিয়া 5 বজালৈ ভোটদানৰ হাৰ 62.31% - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details